ৰাজ্যসভা

ভাৰতীয় সংসদৰ উচ্চ সদন From Wikipedia, the free encyclopedia

Remove ads

ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্ত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে।

ক্ষিপ্ৰ তথ্য ৰাজ্যসভা, ধৰন ...
Remove ads

সদস্য সংখ্যা

ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, বাকীসকলক ৰাজ্যবোৰৰ বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে। ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ৰাজ্যসভালৈ প্ৰধান মন্ত্ৰীৰ পৰামৰ্শ মতে মনোনীত কৰে।

সদস্য হোৱাৰ যোগ্যতা

সংবিধানৰ ৮৩ নং অনুচ্ছেদত সংসদৰ দুই কক্ষৰ সদস্য হোৱাৰৰ যোগ্যতা উল্লেখ কৰা হৈছে। ৰাজ্যসভাৰ সদস্যসকলৰ ভাৰতীয় প্ৰজাতন্ত্ৰৰ নাগৰিক হ’ব লাগে– যিজনৰ বয়স ৩০ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়। অনাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত বা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল ৰাজ্যসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে।

কাৰ্যকাল

ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয়, আৰৃ এই ধৰণে খালি হোৱা আসনসমূহ পুৰণ কৰাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে ম্যাদ শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়াও ভঙ্গ্ নহয়।

ক্ষমতা আৰু দায়িত্ব

ৰাজ্যসভাৰ বেচিভাগ ক্ষমতা লোকসভাৰ দৰেই। অৱশ্যে বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই। চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপিত কৰিব নোৱাৰি।

দল অনুযায়ী সদস্যপদ

ৰাজ্যসভাৰ দল অনুযায়ী সদস্যসংখ্যাৰ তালিকা দিয়া হ’ল।[4]

অধিক তথ্য মিত্ৰ-গোষ্ঠী (২০১০ চনৰ নিৰ্বাচনৰ পৰ), দল ...
Remove ads

আৰু চাওক

  • ৰাজ্যসভা সদস্য
  • লোকসভা
  • ভাৰতৰ ৰাজনীতি
  • ভাৰতীয় সংসদ
  • ভাৰতত আইন প্ৰণয়ন প্ৰক্ৰিয়া

তথ্য সংগ্ৰহ

আৰু পঢ়ক

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads