ভোজপুৰী ভাষা

ইণ্ডো-আৰ্য্য ভাষা পৰিবাৰৰ পূৰ্বাঞ্চলীয় ভাষা From Wikipedia, the free encyclopedia

ভোজপুৰী ভাষা
Remove ads

ভোজপুৰী ভাষা (দেৱনাগৰী লিপি: भोजपुरी भाषा listen (কৈথী লিপি: 𑂦𑂷𑂔𑂣𑂳𑂩𑂲 𑂦𑂰𑂭𑂰) হ'ল ইণ্ডো-আৰ্য্য ভাষা পৰিবাৰৰ পূৰ্বাঞ্চলীয় ভাষা। ভোজপুৰী সাধাৰণতে বিহাৰৰ পশ্চিমাংশ আৰু উত্তৰ প্ৰদেশৰ পূৰ্বাংশত প্ৰচলিত। তাৰোপৰি মধ্য প্ৰদেশ, ঝাড়খণ্ড আৰু নেপালৰ কিছু অংশতো[1] ভোজপুৰী ভাষাভাষীৰ মানুহে বাস কৰে। বৰ্তমান ভোজপুৰী ভাষা বিহাৰৰ দুটা ৰাজ্য ভাষাৰ অন্যতম এটা। ভোজপুৰী ভাষাৰূপৰ উৎপত্তি কিছুমানে ধাৰণা কৰে যে পোনপটিয়াকৈ সংস্কৃত ভাষাৰ পৰা আকৌ কিছুমানৰ মতে বাংলাৰ জননী মৈথিলী ভাষাৰ পৰা।[2] ফিজি, গায়ানা, মৰিচাছ, দক্ষিণ আফ্ৰিকা, চুৰিনাম আৰু ট্ৰিনিদাদ আৰু ট'বাগোতো ই সংখ্যালঘু ভাষা৷ হিন্দীৰ প্ৰভাৱৰ বাবে ইউনেস্ক’ৰ বিশ্বৰ ভাষাৰ এটলাছত ভোজপুৰী ভাষাক সম্ভাৱ্য দুৰ্বল ভাষা হিচাপে তালিকাভুক্ত কৰা হৈছে। ২০২২ চনৰ ২২ মে'ত গুগল অনুবাদে ভোজপুৰী ভাষাক তেওঁলোকৰ অন্যতম ভাষা হিচাপে সংযোজন কৰে।[3]

Thumb
Bhojpuri story written in Kaithi script by Babu Rama Smaran Lal in 1898
ক্ষিপ্ৰ তথ্য ভোজপুৰী, থলুৱা অঞ্চল ...
Remove ads

তথ্যসূত্ৰ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads