চিলি
From Wikipedia, the free encyclopedia
Remove ads
চিলি (স্পেনীছ: Chile) হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ যি দক্ষিণ আমেৰিকাৰ দক্ষিণ-পশ্চিম অঞ্চল আৱৰি আছে। দেশখন প্ৰশান্ত মহাসাগৰৰ উপকূলৰ কাষৰ এক দীঘল ফিতাৰ দৰে প্ৰসাৰিত এক ভূখণ্ড। উত্তৰ-দক্ষিণে চিলিৰ দৈৰ্ঘ্য প্ৰায় ৪,২৭০ কিলোমিটাৰ, কিন্তু ইয়াৰ গড় প্ৰস্থ ১৮০ কিলোমিটাৰতকৈও কম। দেশখনৰ মধ্যভাগত এক উৰ্বৰ উপত্যকা অৱস্থিত। পূবে আন্দেচ পৰ্বতমালাই আৰ্জেণ্টিনাৰ সৈতে সীমান্তৰ সৃষ্টি কৰিছে। চিলিৰ ৰাজধানী আৰু বৃহত্তম চহৰ চেণ্টিয়াগো, যি মধ্যভাগৰ উপত্যকাত অৱস্থিত।
চিলিৰ অধিকাংশ জনসাধাৰণ মধ্যভাগৰ উৰ্বৰ কেন্দ্ৰীয় উপত্যকাত বাস কৰে। দেশৰ বেছি ভাগ লোক স্পেনীয় আৰু আদিবাসী আমেৰিকানসকলৰ মিশ্ৰ জাতিৰ লোক। ইয়াৰ প্ৰধান ধৰ্ম হৈছে ৰোমান কেথ'লিক ধৰ্ম। আনহাতে স্পেনিছ ভাষা চিলিৰ চৰকাৰী ভাষা।
চিলি দক্ষিণ আমেৰিকাৰ এক উন্নত শিল্পৰ দেশ। ইয়াৰ অৰ্থনীতি খনন শিল্প আৰু কৃষিভিত্তিক। চিলি বিশ্বৰ বৃহত্তম তাম উৎপাদক আৰু ৰপ্তানিকাৰক দেশ। ইয়াৰোপৰি দেশখন ফলমূল আৰু শাকপাচলি ৰপ্তানিটো বিশ্বৰ অন্যতম শীৰ্ষ দেশ। আনহাতে চিলিত উৎপাদিত ৱাইনে বিভিন্ন দেশত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
Remove ads
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads