অসমৰ ৰাজ্যপালসকলৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি From Wikipedia, the free encyclopedia

অসমৰ ৰাজ্যপালসকলৰ তালিকা
Remove ads

ভাৰতবৰ্ষৰ ৰাজ্য একোখনৰ ৰাজ্যপালজন হৈছে ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি আৰু লগতে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপাল হৈছে লক্ষ্মণ আচাৰ্য। ২০২৪ চনৰ ৩০ জুলাই তাৰিখে তেওঁ ২৮ সংখ্যক অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ আৰম্ভ কৰে।

ক্ষিপ্ৰ তথ্য অসমৰ ৰাজ্যপাল, সম্বোধন ...
Remove ads

ক্ষমতা আৰু কাৰ্য্যাৱলী

ৰাজ্যপাল এজনৰ ওচৰত নিম্নোক্ত বিভিন্ন ক্ষমতা সমূহ নিহিত থাকে:

  • কাৰ্যপালকৰ ক্ষমতা : প্ৰশাসন, নিযুক্তি আৰু বৰ্খাস্তকৰণৰ ক্ষমতা
  • বিধানমণ্ডলীয় ক্ষমতা : আইন প্ৰণয়ন সম্পৰ্কীয় আৰু বিধানমণ্ডল (অৰ্থাত, বিধান সভা আৰু বিধান পৰিষদৰ সৈতে যুক্ত ক্ষমতা) আৰু
  • বিবেকাধীন ক্ষমতা : ৰাজ্যপালৰ নিজস্ব চিন্তাধাৰা আৰু বিবেকেৰে চালিত কাৰ্যসমূহ

অধীকৃত অসমত ব্ৰিটিছ সামৰিক কমাণ্ডাৰ (১৮২৪-১৮২৬)

১৮২৪ খ্ৰীঃত ব্ৰিটিছ সামৰিক বাহিনীয়ে অসম অধিকাৰ কৰিছিল। ইয়াৰ আগেয়ে অসম কাহিনীও ভাৰত নাইবা বাৰ্মা (বৰ্তমান ম্যানমাৰ)ৰ অংশ নাছিল। জৰ্জ মেক্ ম'ৰিন, ১৮২৪

  • আৰ্থাৰ ৰিচাৰ্ডছ্, ১৮২৪-১৮২৬

অসমৰ ব্ৰিটিছ ৰাজনৈতিক প্ৰতিনিধি (১৮২৬-১৮২৮)

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ অংশ বাৰ্মাৰ পৰা বৃটেইনলৈ হস্তান্তৰিত হৈছিল।

  • ডেভিদ স্কট, ১৮২৬-১৮২৮

অসমৰ আয়ুক্তসকল (১৮২৮-১৮৭৪)

১৮২৮ চনত নামনি অসমক বংগ প্ৰভিন্সৰ লগত সংযুক্ত কৰা হয়, পৰৱৰ্ত্তী কালত ১৮৩৩ চনত অসমৰ বাকী অংশও বংগদেশৰ সৈতে সংযুক্ত হয়। বংগৰ গৱৰ্ণৰৰ অধীনত অসমৰ বাবে এজন আয়ুক্ত বা কমিছনাৰ নিযুক্তি দিয়া হৈছিল।

  • ডেভিদ স্কট, ১৮২৮–২০ আগষ্ট ১৮৩১, ক্ৰমশঃ
  • থমাছ কেম্পবেল ৰবাৰ্টছন, ১৮৩১-১৮৩৪
  • ফ্ৰান্সিছ জেনকিনছ্, ১৮৩৪-১৮৬১
  • হে'নৰী হপকিনছন, ১৮৬১-১৮৭৪

অসমৰ মুখ্য আয়ুক্তসকল(১৮৭৪-১৯০৫)

১৮৭৪ খ্ৰীঃত অসমক বংগ প্ৰেছিডেন্সীৰ পৰা পৃথক কৰা হয় আৰু মুখ্য আয়ুক্তৰ প্ৰভিন্সৰ মৰ্য্যদা দিয়া হয়।

  • ৰিচাৰ্ড হাৰটে কীটিঙে, ১৮৭৪-১৮৭৮
  • ষ্টুৱাৰ্ট কলৱিন বে'য়লে', ১৮৭৮-১৮৮১
  • ছাৰ চাৰ্লছ আলফ্ৰেড ইলিয়ট, ১৮৮১-১৮৮৫
  • উইলিয়াম আৰ্ছকিন ৱাৰ্ড, ১৮৮৫–১৮৮৭, 'প্ৰথম বাৰ
  • ছাৰ ডেনিছ ফিটজ্ পে'ট্ৰিক, ১৮৮৭-১৮৮৯
  • জেমছ ৱালেছ কুইণ্টন, ১৮৮৯-১৮৯১
  • উইলিয়াম আৰ্ছকিন ৱাৰ্ড, ১৮৯১–১৮৯৬, দ্বিতীয় বাৰ
  • ছাৰ হেনৰী ষ্টাডমেন কটন, ১৮৯৬–১৯০২
  • ছাৰ জোছেফ বেম্পফ্লাইড্ ফুল্যাৰ, ১৯০২–১৯০৫
Remove ads

পূৰ্ব বংগ আৰু অসমৰ লেফটেনেণ্ট গৱৰ্ণৰসকল (১৯০৫–১৯১২)

১৯০৫ চনত বংগদেশক দ্বি-বিভক্ত কৰি পূৰ্ব বংগ আৰু অসম গঠন কৰা হয়। ইয়াৰ শাসন চলাবৰ বাবে এজন লেফটেনেণ্ট গৱৰ্ণৰ নিযুক্তি দিয়া হয়।

  • ছাৰ জোছেফ বেম্পফ্লাইড্ ফুল্যাৰ, ১৯০৫–১৯০৬
  • লেনছল'ট হাৰে, ১৯০৬–১৯১১
  • চাৰ্লছ ষ্টুৱাৰ্ট বে'য়লে', ১৯১১-১৯১২

অসমৰ মুখ্য আয়ুক্তসকল (১৯১২–১৯২১)

১৯১২ খ্ৰীঃত পূৰ্ব বংগক পুনৰ বংগ প্ৰেছিডেন্সীৰ অন্তৰ্ভুক্ত কৰা হয়। অসমৰ প্ৰশাসনৰ বাবে আকৌ মুখ্য আয়ুক্ত নিযুক্ত হয়।

  • ছাৰ আৰ্কডে'ল আৰ্লে', ১৯১২-১৯১৮
  • ছাৰ নিক'লাছ ড'ড্ বে'ল, ১৯১৮–৩ জানুৱাৰী ১৯২১

অসমৰ গৱৰ্ণৰসকল (১৯২১-১৯৪৭)

১৯২১ চনত মুখ্য আয়ুক্তৰ পদবীটোক গৱৰ্ণৰলৈ উন্নিতি কৰা হয়।

  • ছাৰ নিক'লাছ ড'ড্ বে'ল, ৩ জানুৱাৰী ১৯২১–২ এপ্ৰিল ১৯২১, ক্ৰমশঃ
  • ছাৰ উইলিয়াঅম ছিনক্লেয়াৰ ম্যাৰিছ, ৩ এপ্ৰিল ১৯২১–১০ অক্টোবৰ ১৯২২
  • ছাৰ জন হে'নৰী ক্যাৰ, ১০ অক্টোবৰ ১৯২২-২৮ জুন ১৯২৭
  • ছাৰ এ'গবাৰ্ট্ লৌৰী লুক্যাছ হাম্ম'ণ্ড, ২৮ জুন ১৯২৭–১১ মে' ১৯৩২
  • ছাৰ মাইকে'ল কিয়েনে, ১১ মে' ১৯৩২–৪ মাৰ্চ ১৯৩৭
  • ৰবাৰ্ট নেয়ল ৰে'ইদ্, ৪ মাৰ্চ ১৯৩৭–৪ মে' ১৯৪২
    • হেনৰী জোছেফ টুয়ন্যাম, ১৮ ফেব্ৰুৱাৰী ১৯৩৮–৪ অক্টোবৰ ১৯৩৯, ৰে'ইদ্-ৰ স্থানত কাৰ্যবাহী
  • ছাৰ এন্দ্ৰিউ গৌড়লে' ক্ল', ৪ মে' ১৯৪২–৪ মে' ১৯৪৭
    • মুটাগুচি ৰেন্যা, মাৰ্চ ১৯৪৪–জুলাই ১৯৪৪, (জাপান অধীকৃত)
    • এ' চি চেটাৰ্জী,মাৰ্চ ১৯৪৪–জুলাই ১৯৪৪, (মুক্ত ভাৰতৰ সাময়িক অস্থায়ী চৰকাৰৰ)
    • ৰেদ্ৰিক চালমাৰ্চ বাউৰ্ণ, ৪ এপ্ৰিল ১৯৪৬–?, ক্ল'ৰ ভাৰপ্ৰাপ্ত
    • হেনৰী ফ'লে নাইট, ৪ ছেপ্টেম্বৰ ১৯৪৬–২৩ ডিচেম্বৰ ১৯৪৬, ক্ল'ৰ স্থানত কাৰ্যবাহী
  • ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, ৪ মে' ১৯৪৭–১৫ আগষ্ট ১৯৪৭
Remove ads

অসমৰ ৰাজ্যপালসকল

ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা অসমৰ ৰাজ্যপালসকল ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হৈ আহিছে।

অধিক তথ্য ক্ৰম, চিত্ৰ ...

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

লগতে চাওক

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads