কোংকণী ভাষা

গোৱাৰ চৰকাৰী ভাষা From Wikipedia, the free encyclopedia

Remove ads

কোংকণী ভাষা (দেৱনাগৰী লিপিত: कोंकणी; ৰোমান লিপিত: Konknni; কন্নড় লিপিত: ಕೊಂಕಣಿ; মালয়ালম লিপিত: കൊങ്കണി; IAST: koṃkaṇī) এইটো ইন্দো-আৰ্য্য ভাষা যিটো ভাৰতৰ কোংকণ উপকূলত প্ৰচলিত। কোংকণী আৰু গোৱাঞ্চি কোংকণীত প্ৰায় ৭৬ লাখ মানুহে কথা কয়। কোংকণী ভাৰতৰ অঙ্গৰাজ্য গোৱাৰ চৰকাৰী ভাষা আৰু সমগ্ৰ ভাৰতৰ এটা চৰকাৰী ভাষা। কোংকণী ভাষাৰ কোনো নিৰ্দিষ্ট লিপি নাই। সেয়ে কোংকণী ভাষাৰ ক্ষেত্ৰত দেৱনাগৰী লিপিটোকে চৰকাৰী কামকাজত ব্যৱহাৰ কৰা হয়।

ক্ষিপ্ৰ তথ্য কোংকণী, উচ্চাৰণ ...
Remove ads

শ্ৰেণীবিভাজন

কোংকণী ইণ্ডো-আৰ্য্য ভাষা শাখাৰ অন্তৰ্গত। ই মাৰাঠী-কোংকণী ভাষা গোটৰ অংশ, যি দক্ষিণ ইণ্ডো-আৰ্য্য ভাষাবোৰৰ অন্তৰ্গত।[4] ই অপ্ৰযোজ্য (inflexive) আৰু অন্যান্য আধুনিক ইণ্ডো-আৰ্য্য ভাষাৰ তুলনাত সংস্কৃতৰ পৰা কম দূৰত্বত আছে। ভাষাবিজ্ঞানীসকলে কোংকণীক বিভিন্ন প্ৰাকৃত লোকভাষাৰ মিশ্ৰণেৰে গঠিত বুলি বৰ্ণনা কৰিছে। ইয়াৰ মূল কাৰণ হ’ব পাৰে কোংকণ উপকূলীয় অঞ্চলত বিভিন্ন যুগত হোৱা বিভিন্ন জনগোষ্ঠীৰ আগমন।[5]

লিপি

Thumb
ইয়াত কোংকণী নামটো দেৱনাগৰী, কন্নড়, লেটিন, মালয়ালম আৰু আৰবী - এই পাঁচটা লিপিৰে লিখা হৈছে।

তথ্যসূত্ৰ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads