মৈথিলী ভাষা

ভাৰত-আৰ্য ভাষা From Wikipedia, the free encyclopedia

মৈথিলী ভাষা
Remove ads

মৈথিলী (𑒧𑒻𑒟𑒱𑒪𑒲) এটা ভাৰত-আৰ্য ভাষা। ই মূলতঃ ভাৰতবিহাৰ ৰাজ্য আৰু নেপালৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ভাৰত-আৰ্য ভাষা হিচাপে গণ্য কৰে । হিন্দীতকৈ বঙালী, অসমীয়া আৰু ওড়িয়াৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাপে গণ্য কৰা হৈছিল যদিও ২০০৩ চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাপে সাংবিধানিক স্বীকৃতি লাভ কৰে।[4][5][6] মৈথিলী ভাষা নেপালৰো চৰকাৰী ভাষা।[7][8][9]

ক্ষিপ্ৰ তথ্য মৈথিলী, থলুৱা অঞ্চল ...

মৈথিলি ভাষা মৈথিলী লিপিতে লিখা হৈছিল, যাৰ লগত অসমীয়া আৰু বাংলা লিপিৰ মিল আছে। কিন্তু বৰ্তমানে দেৱনাগৰী লিপিত এই ভাষা লিখা হয়।

মৈথিলী ভাষাৰ নাম প্ৰাচীন ভাৰতীয় ৰাজ্য মিথিলাৰ পৰা আহিছে। প্ৰায় চাৰে চাৰি কোটি মানুহে মৈথিলী ভাষাত কথা পাতে। এই ভাষাৰ সবাতোকৈ বিখ্যাত সাহিত্যিক হ'ল কবি বিদ্যাপতি

এই ভাষা ৩৪.৭ নিযুত লোকে কয়। তাৰে ২৮ লাখ নেপালী লোক।[1] ভাষাটো প্ৰধানকৈ দেৱনাগৰী ভাষাত লিখা হয় যদিও ঐতিহাসিক তিৰহুতা আৰু কৈথী লিপিৰ কিছু ব্যৱহাৰ আজিলৈকে অক্ষুণ্ণ হৈ আছে।[10]

Remove ads

চৰকাৰী মৰ্য্যাদা

২০০৩ চনত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হয়, যাৰ ফলত ভাৰতৰ শিক্ষা, চৰকাৰী কামকাজ, আৰু অন্যান্য চৰকাৰী প্ৰেক্ষাপটত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়।[4] ইউ পি এছ চি পৰীক্ষাত ঐচ্ছিক কাগজ হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে মৈথিলি ভাষা। মৈথিলী ভাষাই ২০১৮ চনৰ মাৰ্চ মাহত ভাৰতৰ ঝাৰখণ্ড ৰাজ্যত দ্বিতীয় চৰকাৰী ভাষাৰ মৰ্যাদা লাভ কৰে।[11]

ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ গোপাল জী ঠাকুৰ হৈছে মৈথিলী ভাষাত বক্তৃতা প্ৰদান কৰা প্ৰথমজন সংসদ সদস্য।[12] বৰ্তমান তেওঁ দৰভঙাৰ সাংসদ।[13]

নেপালৰ ভাষা আয়োগে কোশী প্ৰদেশ আৰু মধেশ প্ৰদেশত প্ৰশাসনৰ বাবে মৈথিলী ভাষাক স্বীকৃতি প্ৰদান কৰিছে ।[14]

২০২৪ চনৰ ২৬ নৱেম্বৰত সংবিধান দিৱস উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে ভাৰতীয় সংবিধানৰ মৈথিলী সংস্কৰণ উন্মোচন কৰে।[15]

Remove ads

বিতৰণ

ভাৰতত ইয়াক প্ৰধানকৈ বিহাৰৰ দৰভংগা, তিৰহুত, কোছি, পূৰ্ণিয়া, ভাগলপুৰ আৰু মুংগেৰ সংমণ্ডলত তথা ঝাৰখণ্ডৰ চাওঁতাল পৰগনা সংমণ্ডলত কোৱা হয়।[16][17]

নেপালৰ মধেশ প্ৰদেশ আৰু কোচি প্ৰদেশত মৈথিলী ভাষা কোৱা হয়।[18]

দৰভংগা, মধুবনী আৰু জনকপুৰে মৈথিলী ভাষাৰ গুৰুত্বপূৰ্ণ সাংস্কৃতিক আৰু ভাষিক কেন্দ্ৰ গঠন কৰিছে।

শ্ৰেণীবিভাজন

১৮৭০ চনত বিমছে মৈথিলীক বাংলা ভাষাৰ উপভাষা বুলি কৈছিল। হ’ৰ্ণলেই প্ৰথমে ইয়াক পূব হিন্দীৰ উপভাষা হিচাপে গণ্য কৰিছিল যদিও গৌডিয়ান ভাষাৰ সৈতে তুলনা কৰাৰ পিছত স্বীকাৰ কৰিছিল যে ইয়াত হিন্দীতকৈ বাংলা ভাষাৰ সৈতে অধিক সাদৃশ্য দেখা যায়। গ্ৰিয়াৰচনে ইয়াক এটা সুকীয়া ভাষা হিচাপে স্বীকৃতি দিছিল, আৰু ১৮৮১ চনত মৈথিলী ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰকাশ কৰিছিল।[19][20]

সুনীতি কুমাৰ চেটাৰ্জীয়ে মৈথিলী ভাষাক মাগধী প্ৰাকৃতৰ অন্তৰ্গত কৰিছিল।[21]

উপভাষাসমূহ

মৈথিলী ভাষাৰ বহুকেইটা ভিন্ন উপভাষা আছে।[22] মৈথিলীৰ উপভাষাসমূহ হ'ল:

  • পূব মৈথিলী
  • মধ্য মৈথিলি
  • পশ্চিমীয়া মৈথিলী বা বজ্জিকা (বৰ্তমান বহুতে ইয়াক স্বতন্ত্ৰ ভাষা বুলি দাবী উত্থাপন কৰা দেখা যায়)
  • ঠেঠী মৈথিলী
  • অংগিকা, (বৰ্তমান ইয়াক স্বতন্ত্ৰ ভাষাৰ মৰ্যাদা দিয়া হয়)
  • ভাৰত আৰু নেপালত দেহাতী, দেশী, কিষাণ, বন্তৰ, বৰমেলী, মুছাৰ, তাঁতী আৰু জোলাহাকে ধৰি আন কেবাটাও মৈথিলীৰ উপভাষা প্ৰচলিত। আটাইকেইটা উপভাষা থলুৱা মৈথিলীভাষীসকলৰ বাবে বুজিব পৰা।

উৎপত্তি আৰু ইতিহাস

ৰামায়ণৰ কাহিনী অনুসৰি প্ৰাচীন ৰাজ্য মিথিলাৰ শাসক আছিল জনক ৰজা। মিথিলা শব্দৰ পৰাই মৈথিলী নামটো উদ্ভৱ হৈছে। ৰজা ৰামৰ পত্নী আৰু ৰজা জনকৰ কন্যা সীতাৰ আন এটা নাম আছিল মৈথিলী ৷ মিথিলাৰ পণ্ডিতসকলে সাহিত্যিক কামৰ বাবে সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল আৰু মৈথিলী আছিল সাধাৰণ লোকৰ ভাষা।

৭০০-১৩০০ খ্ৰীষ্টাব্দত ৰচিত বৌদ্ধ ৰহস্যবাদী পদ্য 'চৰ্যাপদ'ৰ পৰাই মৈথিলী ভাষা আৰু সাহিত্যৰ আৰম্ভণি হ'ব পাৰে । এই পদসমূহ বজ্ৰায়ণ বৌদ্ধ ধৰ্মৰ অন্তৰ্গত আৰু সমগ্ৰ অসম, বংগ, বিহাৰ আৰু ওড়িশাৰ ভূখণ্ডত সিঁচৰতি হৈ থকা কেইবাজনো সিদ্ধই সন্ধ্যা ভাষাত ৰচনা কৰিছিল৷ কেইবাজনো সিদ্ধ মিথিলা অঞ্চলৰ আছিল, যেনে কান্‌হপা, সৰ্হাপা আদি। চৰ্যাপদৰ ভাষা প্ৰাচীন মৈথিলী বা আদিমৈথিলী আছিল বুলি ৰাহুল সাংকৃত্যায়ন, সুভদ্ৰ ঝা আৰু জয়কান্ত মিশ্ৰৰ দৰে বিশিষ্ট পণ্ডিতসকলে প্ৰমাণ আগবঢ়াইছে।[23] চৰ্যাপদৰ বাহিৰেও লোকসংস্কৃতি, লোকগীতৰ এক চহকী পৰম্পৰা আছে আৰু যিবোৰ মিথিলা অঞ্চলৰ সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় আছিল।[24]

জ্যোতিৰিশ্বৰ ঠাকুৰে (১২৮০–১৩৪০) মৈথিলী ভাষাত ৰচনা কৰিছিল এক অনন্য গ্ৰন্থ 'বৰ্ণৰত্নাকৰ'।[25]

এই ভাষাৰ সবাতোকৈ বিখ্যাত সাহিত্যিক হ'ল কবি বিদ্যাপতি (১৩৬০-১৪৫০)।[26][27]

মৈথিলী হিত সাধনা (১৯০৫), মিথিলা মোদা (১৯০৬), আৰু মিথিলা মিহিৰ (১৯০৮)ৰ প্ৰকাশনে সাহিত্যিকসকলক অধিক উৎসাহিত কৰিছিল।[28] মৈথিলী ভাষাৰ বিকাশৰ বাবে ১৯১০ চনত মৈথিলী মহাসভা গঠন কৰা হৈছিল।[29]

বাবু ভোলা লাল দাসে ৰচনা কৰিছিল মৈথিলী ব্যাকৰণ। তেওঁ গদ্য কুসুমঞ্জলি নামৰ এখন গ্ৰন্থ সম্পাদনা কৰাৰ লগতে এখন আলোচনী মৈথিলী সম্পাদনা কৰিছিল।[30] ১৯৬৫ চনত ভাৰতীয় সাহিত্যৰ প্ৰচাৰৰ বাবে নিবেদিত সংস্থা সাহিত্য অকাডেমীয়ে আনুষ্ঠানিকভাৱে মৈথিলী ভাষাক গ্ৰহণ কৰে।[31][32]

২০০২ চনত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত মৈথিলী ভাষাই প্ৰধান ভাষা হিচাপে স্বীকৃতি লাভ কৰে; বৰ্তমান ভাৰতৰ বাইশটা অনুসূচীত ভাষাৰ ভিতৰত ই অন্যতম।[33]

আচাৰ্য ৰামলোচন সাৰণৰ উদ্যোগত মিথিলক্ষৰ লিপিত গ্ৰন্থ প্ৰকাশৰ কাম আৰম্ভ হয়[34][35]

Remove ads

মৈথিলী লিপি

মৈথিলী লিপিক তিৰহুতা লিপি বা মিথিলাক্ষৰ নামে জনা যায়।

Thumb
তিৰহুতা লিপিৰ ব্যঞ্জনবৰ্ণ
Thumb
তিৰহুতা লিপিৰে লিখা বিদ্যাপতিৰ কাব্য

মৈথিলী সাহিত্য

মৈথিলী সাহিত্য হ'ল মৈথিলী ভাষাৰ কবিতা, উপন্যাস, চুটিগল্প, নথি-পত্ৰ আৰু অন্যান্য লেখাৰ সম্পূৰ্ণ সংগ্ৰহ।

মৈথিলী সাহিত্যৰ তিনিভাগত যুগ বিভাজন কৰা হয়।

  • আদি কাল (৭০০–১৩৫০) - এই যুগৰ কেইজনমান গুৰুত্বপূৰ্ণ মৈথিলি সাহিত্যিক আছিল- জ্যোতিৰিশ্বৰ ঠাকুৰ (১২৯০–১৩৫০)।
  • মধ্য কাল (১৩৫০–১৮৩০) - এই যুগৰ কেইজনমান গুৰুত্বপূৰ্ণ মৈথিলি সাহিত্যিক আছিল- বিদ্যাপতি (১৩৫০–১৪৫০), শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) আৰু গোবিন্দদাস (১৭ শতিকাৰ শেষৰ ফালে)
  • আধুনিক কাল (১৮৩০ খ্ৰীষ্টাব্দৰ পৰা বৰ্তমানলৈকে) - এই যুগৰ কেইজনমান গুৰুত্বপূৰ্ণ সাহিত্যিক হ’ল-
    • বলদেৱ মিশ্ৰ (১৮৯০–১৯৭৫)
    • সুৰেন্দ্ৰ ঝা ‘সুমন’ (১৯১০–২০০২) (সাহিত্য অকাডেমীত মৈথিলী ভাষাক প্ৰতিনিধিত্ব কৰিছিল।)
    • ৰাধা কৃষ্ণ চৌধুৰী (১৯২১–১৯৮৫)
    • জয়কান্ত মিশ্ৰ (২০ ডিচেম্বৰ ২০০৩–৩ ফেব্ৰুৱাৰী ২০০৯) (সাহিত্য অকাডেমীত মৈথিলী ভাষাক প্ৰতিনিধিত্ব কৰিছিল।)
    • বিনোদ বিহাৰী বৰ্মা (১৯৩৭–২০০৩)
    • পৰিচয় দাস (১৯৬৪– )
    • গজেন্দ্ৰ ঠাকুৰ (১৯৭১– )
Remove ads

মৈথিলী মাহৰ নাম

বৈসাখ, জেঠ, আষাঢ়, সাৱোন, ভাদো, আসিন, কাতিক, অগহন, পূস, মাঘ, ফাগুন, চৈতি।

বাহ্যিক সংযোগ

মৈথিলী ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা

তথ্যসূত্ৰ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads