মেক্সিকো
উত্তৰ আমেৰিকাৰ এখন দেশ From Wikipedia, the free encyclopedia
Remove ads
মেক্সিকো (স্পেনীছ: México), আনুষ্ঠানিকভাবে সম্পূৰ্ণ নাম মেক্সিকো যুক্তৰাজ্য (স্পেনীছ: Estados Unidos Mexicanos),[2][3][4][5] হৈছে উত্তৰ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এখন দেশ। দেশখনৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ, দক্ষিণ-পূব দিশত গুৱাটামালা, বেলিজ আৰু কেৰিবিয়ান সাগৰ, আৰু পূবে মেক্সিকো উপসাগৰ অৱস্থিত।[6] প্ৰায় ২০,০০,০০০ বৰ্গ কিলোমিটাৰ (৭,৭০,০০০ বৰ্গ মাইল) মাটিকালিৰে[5] মেক্সিকো হৈছে বৃহত্তৰ আমেৰিকা মহাদেশৰ পঞ্চম বৃহৎ ৰাষ্ট্ৰ আৰু পৃথিৱীৰ ভিতৰত ১৩তম বৃহৎ স্বাধীন ৰাষ্ট্ৰ। আনুমানিক প্ৰায় ১২.৯ কোটি জনসংখ্যাৰে[7] মেক্সিকো হৈছে পৃথিৱীৰ ভিতৰত দশম সৰ্বাধিক জনবহুল দেশ আৰু পৃথিৱীৰ ভিতৰত সৰ্বাধিক স্পেনীছ ভাষী লোকৰ দেশ। ইয়াৰ লগতে ব্ৰাজিলৰ পাছতে ই লেটিন আমেৰিকাৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ।[7] মেক্সিকো এখন সংসদীয় সাংবিধানিক গণতন্ত্ৰ। ই ৩১খন ৰাজ্য আৰু এখন বিশেষ ৰাজধানী অঞ্চলেৰে গঠিত।[8]
Remove ads
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads