পুডুছেৰী
From Wikipedia, the free encyclopedia
Remove ads
পুডুছেৰী (তামিল: புதுச்சேரி, অৰ্থ: নতুন চহৰ) বা পণ্ডিচেৰী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। পূৰ্বৰ ফ্ৰান্সৰ অধিকৃত চাৰি অঞ্চল পণ্ডিচেৰী, কাৰিকল, মাহে আৰু য়ানাম একত্ৰিত কৰি পুডুছেৰী গঠন কৰা হৈছিল। ইয়াৰ নাম বৃহত্তম জিলা পুডুছেৰীৰ নামেৰে নামকৰণ কৰা হৈছে। ঐতিহাসিক ভাবে পণ্ডিচেৰী নামে জনাজাত ইয়াৰ নাম ২০০৬ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে পুডুছেৰী কৰা হ'ল।[5][6]
কেন্দ্ৰীয় শাসিত অঞ্চল পুডুছেৰী দক্ষিণ ভাৰতত অৱস্থিত। পুডুছেৰী জিলা আৰু কাৰিকল জিলাক তামিলনাডুয়ে আগুৰি আছে। সেইদৰে য়ানাম জিলা অন্ধ্ৰ প্ৰদেশ আৰু মাহে জিলা কেৰালায়ে আগুৰি আছে। পুডুছেৰী ভাৰতৰ ২৯তম জনবসতিপূৰ্ণ অঞ্চল আৰু ইয়াৰ জন ঘনত্বত ভাৰতৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰি আছে। ইয়াৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি ₹ ২১০ শ কোটি (২.৯৪ বিলিয়ন ডলাৰ) আৰু ই ভাৰতৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ভিতৰত ২৫তম স্থানত অৱস্থিত।[7]
Remove ads
ভূগোল
পুডুছেৰীত অসংযুক্ত চাৰিখন সৰু সৰু জিলাৰে গঠিত। পণ্ডিচেৰী আৰু কাৰিকল পুডুছেৰীৰ বৃহত্তম অঞ্চল। এই দুয়ো অঞ্চল তামিলনাডুৰে আগুৰা। য়ানাম আৰু মাহে ক্ৰমে অন্ধ্ৰপ্ৰদেশ আৰু কেৰালাৰে আগুৰা। ২০১১ চনৰ লোকপিয়ল মতে ইয়াৰ জনসংখ্যা ১২,৪৪,৪৬৪।
পুডুছেৰীৰ অঞ্চলসমূহ সম্পূৰ্ণৰূপে সংযুক্ত নহয়। ইয়াক ভাৰতত পকেট বুলি কোৱা হয়। পুডুছেৰীত এনে ১১টা পকেট আছে। কিছুমান পকেট সম্পূৰ্ণৰূপে তামিলনাডুৰে আগুৰা। সেইদৰে মাহে অঞ্চলত ৩টা পকেট আছে। ঔপনিবেশিক ভাৰতৰ ফৰাচী ভাৰতৰ অধিকৃত অঞ্চলৰ বাবে ইয়াৰ ভূগোলত এনে বৈশিষ্ট্য দেখা যায়।
পুডুছেৰীৰ গোটেই কেইখন জিলা উপকূল অঞ্চলত অৱস্থিত। পাঁচখন নদী পুডুছেৰীৰ মাজেৰে, সাতখন নদী কাৰিকলৰ মাজেৰে, দুখন মাহেৰ মাজেৰে আৰু এখন য়ানামৰ মাজেৰে পাৰ হৈ গৈছে।
Remove ads
জন-গাঁথনি
পুডুছেৰীৰ জনসাধাৰণৰ ৮৭.৩% হিন্দু ধৰ্মাৱলম্বী। লগতে ইয়াত ৬.২% খ্ৰীষ্টান আৰু ৬% ইছলাম ধৰ্মাৱলম্বী লোক বাস কৰে।[8]
যাতায়ত
ৰে'লপথ
পুডুছেৰী ৰে'লেৰে ভিলুপুৰম আৰু চেন্নাই জংচনৰ লগত সংযোজিত। এই ব্ৰড গেজ লাইন যুক্ত ৰেলপথৰ ওপৰেৰে ১৬খন অভিসাৰী আৰু ১৭খন অপসাৰী ৰে'ল চলাচল কৰে।[9]
স্থলপথ
পুডুছেৰী অঞ্চলত মুঠ ২,৫৫২ কিঃমিঃ (পথৰ দৈৰ্ঘ্য প্ৰতি ৪.৮৭ বৰ্গ কিঃমিঃ) দৈৰ্ঘ্যৰ স্থলপথ আছে। ই দেশৰ ভিতৰতে সৰ্বাধিক।
শিক্ষা
২০১১ চনৰ লোকপিয়ল মতে পুডুছেৰীৰ সাক্ষৰতা হাৰ ৮৬.৫৫%।[10] ইয়াত পণ্ডিচেৰী বিশ্ববিদ্যালয় নামৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অৱস্থিত।[11] পুডুছেৰীত অৱস্থিত জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান পাশ্চাত্য চিকিৎসা পদ্ধতিৰ এছিয়াৰ প্ৰথমখন শিক্ষা অনুষ্ঠান। ইয়াৰ উপৰিও ইয়াত ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, মহাত্মা গান্ধী স্নাতকোত্তৰ দন্ত বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ইত্যাদি অৱস্থিত।
Remove ads
তথ্য উৎস
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads