ৰুছ ভাষা

পূব স্লাভিক ভাষা From Wikipedia, the free encyclopedia

ৰুছ ভাষা
Remove ads

ৰুছ ভাষা (ৰুছ ভাষাত: русский язык) এটা স্লাভিক ভাষা যাক প্ৰধানকৈ ৰাছিয়া , বেলাৰুছ, ইউক্ৰেইন, কাজাখস্তান আৰু কিৰগীস্তানত কোৱা হয় আৰু বহুল ভাৱে ব্যৱহৃত। ইয়াৰোপৰি বিনা চৰকাৰী অনুমতিত লাটভিয়া, এষ্ট'নিয়া আৰু বহুতো প্ৰাক্তন ছোভিয়েট দেশত ইয়াক কোৱা হয়।

Thumb

ৰাছিয়ান ভাষাৰ কোৱা লোকৰ সংখ্যা বিশ্বজুৰি ২৫৮ মিলিয়নতকৈ অধিক। ই ইউৰোপৰ ভিতৰতে আটাইতকৈ বেছি কথিত স্লাভিক ভাষা আৰু ইউৰোপৰ ভিতৰতে আটাইতকৈ বেছি কথিত থলুৱা ভাষাৰ লগতে ইউৰেছিয়াৰ ভৌগোলিকভাৱে আটাইতকৈ বেছি বিস্তৃত ভাষা। স্থানীয় ভাষা কোৱা লোকৰ সংখ্যা অনুসৰি ই বিশ্বৰ সপ্তম সৰ্বাধিক কথিত ভাষা আৰু মুঠ ভাষী লোকৰ সংখ্যা অনুসৰি ই বিশ্বৰ অষ্টম সৰ্বাধিক কথিত ভাষা। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা দুটা চৰকাৰী ভাষাৰ ভিতৰত ৰাছিয়ান ভাষা অন্যতম। তদুপৰি ৰাষ্ট্ৰসংঘৰ ছটা চৰকাৰী ভাষাৰ ভিতৰত ৰাছিয়ান ভাষাও আছে।[1][2][3][2] [4][5] [6] ৰুছ ভাষাটো চিৰিলিক লিপিৰ ৰাছিয়ান বৰ্ণমালা ব্যৱহাৰ কৰি লিখা হয়; ই তথাকথিত "কোমল" আৰু "কঠিন" ধ্বনিৰ মাজত পাৰ্থক্য কৰেি। প্ৰায় প্ৰতিটো ব্যঞ্জনৰ এটা কঠিন বা কোমল সমকক্ষ থাকে আৰু প্ৰভেদটো ভাষাটোৰ এটা বৈশিষ্ট্য। আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল জোৰবিহীন স্বৰবৰ্ণৰ হ্ৰাস।

Remove ads

তথ্যসূত্ৰ

শ্ৰেণীবিভাজন

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads