চাঁওতালি ভাষা

ভাৰতীয় ভাষা From Wikipedia, the free encyclopedia

Remove ads

চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে। ইয়াৰোপৰি বাংলাদেশত এই ৰ জনসংখ্যা ২০১১ চনৰ গণনা অনুযায়ী প্ৰায় ২ লাখ ২৫ হাজাৰ আৰু নেপালত ৪৯ হাজাৰ ৯০০।[1] ভূটানতো কিছু পৰিমাণে চাঁওতালি ভাষাৰ মানুহ আছে। বেছি ভাগ চাঁওতালিভাষী মানুষ ভাৰতৰ ঝাড়খণ্ড, অসম, বিহাৰ, ওড়িশা, ত্ৰিপুৰা আৰু পশ্চিমবংগ ৰাজ্যত বাস কৰে। চাঁওতালি ভাষাৰ নিজস্ব লিপি আছে, যাৰ নাম অল চিকি লিপি। অৱশ্যে বঙালী লিপি, ওড়িয়া লিপি, ৰোমান লিপি আৰু দেৱনাগৰী লিপিৰেও এই ভাষা লিখা হয়।

ক্ষিপ্ৰ তথ্য চাঁওতালি, থলুৱা অঞ্চল ...
Remove ads

তথ্যসূত্ৰ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads