অতিবেঙুনীয়া
From Wikipedia, the free encyclopedia
অতিবেঙুনীয়া (Ultraviolet বা UV) ১০ নেন'মিটাৰৰ পৰ পৰা ৪০০ নেন'মিটাৰ তৰংগদৈৰ্ঘ্যৰ এক বিদ্যুৎ-চুম্বকীয় বিকিৰণ। এই দৈৰ্ঘ্য দৃশ্যমান পোহৰতকৈ চুটি, কিন্তু ৰঞ্জন ৰশ্মিতকৈ দীঘল। ৰ'দত থকা অতিবেঙুনীয়া বিকিৰণ সূৰ্য্যৰ পৰা অহা মুঠ বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ প্ৰায় ১০%। পৃথিৱীৰ দৃশ্যমান বৰ্ণালীৰ আটাইতকৈ চুটি তৰংগ বেঙুনীয়াৰ সীমাৰ পাছতে ছুটি বিদুৎ চুম্বকীয় তৰংগ অতিবেঙুনী আৰম্ভ হৈ দীঘল ৰঞ্জন ৰশ্মিৰ অঞ্চললৈকে বিস্তৃত হৈ আছে। এই বিস্তৃত অতিবেঙুনী অঞ্চলক ভাগ কৰা হৈছে- (১) নিকট অতিবেঙুনী অঞ্চল (৪০০-৩০০ nm), (২) দূৰ অতিবেঙুনী অঞ্চল (৩০০-২০০ nm), (৩) চৰম অতিবেঙুনী অঞ্চল (২০০-১২২ nm)ৰ ভিতৰত।[1]ইয়াক বৈদ্যুতিক আৰ্ক আৰু বিশেষ চাকি যেনে কাৰ্কাৰি-ভেপাৰ চাকি, টেনিং চাকি আৰু ক'লা পোহৰৰেও প্ৰস্তুত কৰিব পাৰি। অতিবেঙুনীয়া ৰশ্মিয়ে পৰমাণুক আয়নন (Ionization) কৰিব নোৱাৰে, কিন্তু ৰাসায়নিক বিক্ৰিয়া কৰি বহু বস্তুক উজ্বলাই (প্ৰতিপ্ৰভা) তুলিব পাৰে। সেইবাবে অতিবেঙুনীয়া ৰশ্মিৰ ৰাসায়নিক আৰু জৈৱিক প্ৰভাৱ কেৱল তাপ প্ৰভাৱতকৈ বেছি।
ছাল বেছিকৈ অতিবেঙুনীৰ সংস্পৰ্শলৈ আহিলে ৰ'দে ক'লা কৰা (Suntan) আৰু ৰ'দে পোৰা (sunburn)ৰ দৰে ঘটনা হয়। ই ছালৰ কৰ্কটৰ আশংকাও বঢ়ায়। পৃথিৱীৰ বায়ুমণ্ডলে সুৰক্ষা নিদিয়া হ'লে সূৰ্যৰ অতিবেঙুনী ৰশ্মিয়ে জীৱসমূহৰ বাৰুকৈ ক্ষতি কৰিব।[2] বেছি শক্তিৰ, চুটি তৰংগদৈৰ্ঘ্যৰ (১২১ nm তকৈ কম) "বিষম" অতিবেঙুনীয়ে বায়ুক ইমানেই আয়'নাইজ কৰে যে মাটি পোৱাৰ আগতেই ই শোষিত হয়।[3] মানুহকে ধৰি প্ৰায়বোৰ মাটিত থকা মেৰুদণ্ডী প্ৰাণীৰ হাড়ক শক্তিশালী কৰা ভিটামিন ডিত উৎপাদনত অতিবেঙুনীয়ে সহায় কৰে।[4] গতিকে ইয়াৰ উপকাৰী আৰু অপকাৰী দুয়োটা প্ৰভাৱ আছে।
সাধাৰণ মানুহৰ চকুৱে ৪০০ nm তকৈ কম তৰংগদৈৰ্ঘ্যৰ পোহৰ দেখা নাপায়, সেইবাবে অতিবেঙুনী আমাৰ বাবে অদৃশ্য। পতংগ, চৰাই আৰু কিছুমান স্তন্যপায়ীয়ে এনে ৰশ্মি দেখা পায়।