আগ্ৰা ফ'ৰ্ট
From Wikipedia, the free encyclopedia
আগ্ৰা ফ'ৰ্ট (হিন্দী: आगरा का किला, ইংৰাজী: Agra Fort) বা আগ্ৰাৰ লালকিল্লা মোগল স্থাপত্যৰ এক অনবদ্য নিদৰ্শন। এই কিল্লা ১৯৮৩ চনত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাবে (iii) নং বিভাগত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ অন্তৰ্ভুক্ত হয়। দুৰ্গটো ভাৰতৰ ৰাজ্য উত্তৰ প্ৰদেশৰ আগ্ৰাৰ যমুনা নদীৰ তীৰত অৱস্থিত। মোগল স্থাপত্যৰ অন্যতম নিদৰ্শন তাজমহল আগ্ৰা কিল্লাৰ পৰা মাত্ৰ ২.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
এই ভাৰত সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
আগ্ৰা ফ’ৰ্ট | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
আগ্ৰা ফ’ৰ্টৰ প্ৰৱেশদ্বাৰ | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | iii |
উদ্ধৃতি | ২৫১ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | দক্ষিণ এছিয়া |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮৩ (৭তম অধিবেশন) |
আগ্ৰা ফ'ৰ্ট ৰঙা বেলেপাথৰেৰ তৈয়াৰী। দুৰ্গ প্ৰাংগনৰ আয়তন ২.৫ কি.মি.। দুৰ্গটিৰ অভ্যন্তৰত অনেক প্ৰাসাদ, মিনাৰ আৰু মছজিদ আছে। এইসমূহ ষোড়শ শতাব্দীৰ পৰা অষ্টাদশ শতাব্দীৰ প্ৰথমাৰ্ধৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত হয়। নিৰ্মাণকাৰ্য ষোড়শ শতাব্দীত আকবৰৰ ৰাজত্বকালত আৰম্ভ হয় আৰু অষ্টাদশ শতাব্দীত ঔৰঙ্গজেৱৰ ৰাজত্বকালত শেষ হয়। জাহাঙ্গীৰৰ আৰু শাহজাহানৰ ৰাজত্বকালত দুৰ্গৰ বহু কেইটা স্মাৰক নিৰ্মিত হৈছিল। দুৰ্গ-অভ্যন্তৰৰ উল্লেখযোগ্য দৰ্শনীয় স্থানসমূহ হ'ল খাচ মহল, শীশ মহল, মুহাম্মান বুৰ্জ (এটি অষ্টভূজাকৃতিৰ মিনাৰ), দিৱান-ই-খাচ (১৬৩৭), দিৱান-ই-আম, মোতি মছজিদ (নিৰ্মাণকাল ১৬৪৬-৫৩) আৰু নাগিনা মছজিদ (১৬৫৮-১৭০৭)। এই স্মাৰকসমূহত 'তিমুৰিদ পাৰসিক' শিল্পকলা আৰু 'ভাৰতীয় শিল্পকলা'ৰ এক আশ্চৰ্য মিশ্ৰণ পৰিলক্ষিত হয়।[1][2]