আধুনিকতাবাদ
দাৰ্শনিক আৰু শিল্প আন্দোলন / From Wikipedia, the free encyclopedia
আধুনিকতাবাদ (ইংৰাজী: Modernism) হৈছে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা ষষ্ঠ দশকৰ সময়ছোৱাত পশ্চিমৰ শিল্প আৰু সাহিত্যত এক বিশিষ্ট ৰাজনৈতিক, সামাজিক আৰু বৌদ্ধিক পটভূমিত ঐতিহ্যৰ পৰা বিছিন্ন হৈ গঢ় লৈ উঠা এটা অন্তৰ্মুখী, ব্যক্তিনিষ্ঠ আন্দোলন। এই আন্দোলনে জীৱন সম্পৰ্কীয় কিছু মৌলিক প্ৰশ্ন আৰু সন্দেহ উত্থাপন কৰিছিল। ঊনবিংশ শতিকাৰ শেষৰফালে সাহিত্যত এটা ঐতিহ্য বিছিন্ন নতুন ধাৰাৰ আৰম্ভ হৈ বিংশ শতিকাত পূৰ্ণ বিকাশ ঘটিল। ভাৱ, বিষয়, ৰূপ, আবেদনৰ ঐতিহ্যনুগ সকলো ধাৰণা আৰু মূল্যৰ পৰা বিছিন্ন হৈ বিকশিত এই ধাৰাটো এটা সাহিত্য আন্দোলনত পৰিণত হ'ল আৰু ই পাছত আধুনিকতাবাদী ধাৰা হিচাপে পৰিগণিত হ'ল। ইউৰোপৰ পৰা এই ধাৰা সমাজবাদী ৰাষ্ট্ৰসমূহৰ বাহিৰে বিংশ শতিকাৰ সমগ্ৰ বিশ্বলৈ বিয়পি পৰিছিল।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |