ঋতু
কক্ষপথ আৰু অক্ষীয় হেলনীয়া হোৱাৰ ওপৰত ভিত্তি কৰি বছৰৰ উপবিভাজন / From Wikipedia, the free encyclopedia
ঋতু (ইংৰাজী: Season) বছৰৰ এটি খণ্ডবিশেষ। সচৰাচৰ স্থানীয় বতৰ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। বিশ্বৰ অধিকাংশ দেশত বসন্ত (Spring), গ্ৰীষ্ম (Summer), শৰৎ (Autumn-ব্ৰিটিছ, Fall-আমেৰিকান) আৰু শীত (Winter) - এই চাৰিটা প্ৰধান ঋতু দেখা যায়। বিষুৱ ৰেখাৰ ওচৰৰ অঞ্চলত দুটা, কৰ্কট আৰু মকৰ ক্ৰান্তি ৰেখাৰ ওচৰৰ অঞ্চলত ছয়টা, নাতিশীতোষ্ণ মণ্ডলত চাৰিটা আৰু শীত প্ৰধান মেৰু অঞ্চলত দুটা ঋতু দেখা যায়। এটা অঞ্চলৰ ঋতু বিভিন্ন কাৰণৰ ওপৰত নিৰ্ভৰশীল, যেনে- ঠাই খনৰ অৱস্থান, পাহাৰ-পৰ্বত, সাগৰ, নদ-নদী ভূ-তাত্ত্বিক গঠন, বতাহৰ চলাচল, অৰণ্য আৰু গছ-গছনি। সেয়ে কোনো অঞ্চলৰ ঋতু অধ্যয়ন নকৰাকৈ পূৰ্বানুমান কৰিব নোৱাৰি।