![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d1/The_wreckage_of_the_three_compartments_of_the_Coromandel_Express_lies_beside_the_line.jpg/640px-The_wreckage_of_the_three_compartments_of_the_Coromandel_Express_lies_beside_the_line.jpg&w=640&q=50)
ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩
ভাৰতত সংঘটিত ৰে'ল দুৰ্ঘটনা / From Wikipedia, the free encyclopedia
ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩ (ইংৰাজী: 2023 Odisha train collision) হৈছে ২০২৩ চনৰ ২ জুন তাৰিখে পূব ভাৰতৰ ওড়িশা ৰাজ্যৰ বালেশ্বৰ চহৰৰ সমীপত সংঘটিত তিনিখন ৰে’লৰ এক সংঘৰ্ষ। বাহানগা বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপত এখন মালবাহী ৰে’লৰ প্ৰাৰম্ভিক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুখন যাত্ৰীবাহী ৰে’ল ১২৮৪১ ক’ৰ’মণ্ডল এক্সপ্ৰেছ আৰু ১২৮৬৪ এছএমভিটি বেংগালুৰু–হাওৰা এছএফ এক্সপ্ৰেছৰ সংঘৰ্ষ হয়। বাহানাগা বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ মূল লাইনৰ পৰিৱৰ্তে পাছিং লুপত পূৰ্ণ গতিৰে প্ৰৱেশ কৰি ক’ৰ’মণ্ডল এক্সপ্ৰেছ গাড়ীখনে এখন মালবাহী ট্ৰেইনৰ সৈতে খুন্দা মাৰে। এই দুৰ্ঘটনাত ২৯২ জন[7][6] লোক নিহত হোৱাৰ লগতে ১১৭৫তকৈ অধিক লোক আহত হয়।[8][9][10] এই দুৰ্ঘটনা একবিংশ শতিকাৰ চতুৰ্থ মাৰাত্মক ৰে'ল দুৰ্ঘটনা আৰু ১৯৯৫ চনত ফিৰোজাবাদ ৰে'ল দুৰ্ঘটনাৰ পিছত ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে'ল দুৰ্ঘটনা।[11]
ক্ষিপ্ৰ তথ্য ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩, বিৱৰণ ...
ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩ | |
---|---|
![]() দুৰ্ঘটনাৰ পিছৰ ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ তিনিটা ডবাৰ ধ্বংসাৱশেষ | |
বিৱৰণ | |
তাৰিখ | ২ জুন ২০২৩ (2023-06-02) সন্ধিয়া ৭ বজাৰ আশে-পাশে ভাঃমাঃসঃ[1] |
স্থান | বাহনাগা বজাৰ ৰে'ল ষ্টেচনৰ ওচৰত, বালেশ্বৰ জিলা, ওড়িশা |
স্থানাংক | 21.338056°N 86.764444°E / 21.338056; 86.764444 |
দেশ | ভাৰত |
সঞ্চালক | ভাৰতীয় ৰেল |
ঘটনা প্ৰকাৰ | পথচ্যুত, দ্বৈত সংঘৰ্ষ |
কাৰণ | তদন্তৰ অধীনত; সংকেত ভুলৰ পৰা ইলেক্ট্ৰনিক ইণ্টালকিঙৰ পৰিৱৰ্তন[2][3] |
পৰিসংখ্যা | |
ৰে'ল | ৩খন ৰেল
|
নিহত | ২৯২[4][5] |
আহত | ১,১৭৫[6] |
বন্ধ কৰক