From Wikipedia, the free encyclopedia
কদাম্বিনী বসু গাংগুলী ( ইংৰাজী : Kadambini Bose Ganguly ; ১৮ জুলাই ১৮৬১ – ৩ অক্টোবৰ ১৯২৩[1]) ভাৰতৰ এগৰাকী চিকিৎসক আছিল। আধুনিক চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লৈ অনুশীলন কৰা প্ৰথম ভাৰতীয় মহিলাসকলৰ ভিতৰত অন্যতম। ১৮৮৪ চনত কলিকতা চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি লাভ কৰা প্ৰথমগৰাকী মহিলা, পৰৱৰ্তী সময়ত স্কটলেণ্ডত প্ৰশিক্ষণ লৈ ভাৰতত এক সফল চিকিৎসা অনুশীলন প্ৰতিষ্ঠা কৰা গাংগুলী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা বক্তা।
এই প্ৰবন্ধ বা অনুচ্ছেদ কাদম্বিনী গাংগুলী নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
কদাম্বিনী বসু গাংগুলী | |
---|---|
জন্ম | কাদম্বিনী বসু ১৮ জুলাই ১৮৬১ ভাগলপুৰ, বংগ, ব্ৰিটিছ ভাৰত (বৰ্তমান বিহাৰ) |
মৃত্যু | ৩ অক্টোবৰ, ১৯২৩ (৬২ বছৰ) কলকাতা, বংগ, ব্ৰিটিছ ভাৰত (বৰ্তমান পশ্চিম বংগ, ভাৰত) |
শিক্ষা |
|
পেচা | চিকিৎসক |
দাম্পত্যসঙ্গী | দ্বাৰকানাথ গাংগুলী (বি. ১৮৮৩; মৃ. ১৮৯৮) |
সন্তান | 8 |
বঙালী কায়স্থ পৰিয়ালত[2] ব্ৰহ্ম সংস্কাৰক ব্ৰজ কিশোৰ বসুৰ কন্যা হিচাপে কদম্বিনী বসুৰ জন্ম হৈছিল । ১৮৬১ চনৰ ১৮ জুলাই[3] তাৰিখে ব্ৰিটিছ ভাৰতৰ বংগ প্ৰেচিডেন্সিৰ (বৰ্তমান বিহাৰ) ভাগলপুৰত জন্মগ্ৰহণ কৰিছিল আৰু ডাঙৰ-দীঘল হৈছিল বৰিশালত। পৰিয়ালটো আছিল বৰিশালৰ চান্দছিৰত যি বৰ্তমান বাংলাদেশত আছে। তাইৰ দেউতাক আছিল ভাগলপুৰ স্কুলৰ প্ৰধান শিক্ষক। তেওঁ আৰু অভয় চৰণ মলিকে ভাগলপুৰত নাৰী মুক্তিৰ আন্দোলন আৰম্ভ কৰে। ১৮৬৩ চনত ভাৰতৰ ভিতৰতে প্ৰথম মহিলা সংগঠন ভাগলপুৰ মহিলা সমিতি প্ৰতিষ্ঠা কৰে।
মহিলা শিক্ষাক সমৰ্থন নকৰা উচ্চ বৰ্ণৰ বঙালী সম্প্ৰদায়ৰ পৰা অহা সত্ত্বেও[4] কদাম্বিনীয়ে প্ৰথমে ডাক্কাৰ ব্ৰহ্ম ইডেন মহিলা বিদ্যালয়ত ইংৰাজী শিক্ষা লাভ কৰিছিল; তাৰ পিছত হিন্দু মহিলা বিদ্যালয়, বালিগঞ্জ কলিকতাত যি ১৮৭৬ চনত বংগা মহিলা বিদ্যালয় নামেৰে নামাকৰণ কৰা হয়। ১৮৮০ চনত তেওঁ এফ এ পৰীক্ষাত উত্তীৰ্ণ হয়।তেওঁৰ প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপেই আংশিকভাৱে বেথুন কলেজে প্ৰথমে এফ এ (প্ৰথম কলা), আৰু তাৰ পিছত ১৮৮৩ চনত স্নাতক পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰে।তেওঁ আৰু চন্দ্ৰমুখী বসুৱে বেথুন কলেজৰ পৰা প্ৰথম স্নাতক হয়, আৰু লগতে প্ৰথম দেশৰ মহিলা স্নাতক।[5]
কলিকতা চিকিৎসা মহাবিদ্যালয়ত যোগদান কৰাৰ ১১ দিন পূৰ্বে ১৮৮৩ চনৰ ১২ জুনত কদাম্বিনী বসুৱে দ্বাৰকানাথ গাংগুলীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[6] আঠটা সন্তানৰ মাতৃ হিচাপে তেওঁ নিজৰ ঘৰুৱা কাম-কাজত যথেষ্ট সময় উচৰ্গা কৰিবলগীয়া হয়। বেজীৰ কামত তেওঁ নিপুণ আছিল।[7] সন্তানৰ ভিতৰত জ্যোতিৰ্ময়ী স্বাধীনতা সংগ্ৰামী আৰু প্ৰভাত চন্দ্ৰ সাংবাদিক আছিল। তেওঁৰ সতি-সন্ততিৰ বিবাহ হৈছিল চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ দাদা উপেন্দ্ৰকশোৰ ৰায় চৌধুৰীৰ সৈতে।
আমেৰিকাৰ ইতিহাসবিদ ডেভিদ কপফে[8] লিখিছিল যে গাংগুলী "তেওঁৰ সময়ৰ আটাইতকৈ নিপুণ আৰু মুক্ত ব্ৰহ্ম নাৰী আছিল", আৰু তেওঁৰ স্বামী দ্বাৰকানাথ গাংগুলীৰ সৈতে তেওঁৰ সম্পৰ্ক "পাৰস্পৰিক প্ৰেম, সংবেদনশীলতা আৰু বুদ্ধিমত্তাৰ ওপৰত প্ৰতিষ্ঠিত।" কোপফে যুক্তি আগবঢ়ায় যে সমসাময়িক বঙালী সমাজৰ মুক্ত মহিলাসকলৰ মাজতো গাংগুলী আছিল অত্যন্ত অস্বাভাৱিক আৰু "পৰিস্থিতিৰ ওপৰত উঠি মানুহ হিচাপে নিজৰ সম্ভাৱনাক উপলব্ধি কৰিব পৰা ক্ষমতাই তেওঁক মতাদৰ্শগতভাৱে বংগৰ নাৰীসকলৰ মুক্তিৰ বাবে উৎসৰ্গিত সাধৰণ ব্ৰহ্মসকলৰ প্ৰতি মন আকৰ্ষণ কৰি তুলিছিল।" ."[9] ১৯২৩ চনৰ ৩ অক্টোবৰত গাংগুলীয়ে সেইদিনা অপাৰেচন চলাই মৃত্যুবৰণ কৰে।[10]
গাংগুলীক তেওঁৰ সময়ৰ ৰক্ষণশীল সমাজে তীব্ৰ সমালোচনা কৰিছিল। এডিনবাৰ্গৰ পৰা ভাৰতলৈ উভতি আহি মহিলাৰ অধিকাৰৰ বাবে প্ৰচাৰ চলোৱাৰ পিছত বাংলা আলোচনী বাংগাশীত তেওঁক পৰোক্ষভাৱে ‘বেশ্যা’ বুলি অভিহিত কৰা হৈছিল। তেওঁৰ স্বামী দ্বাৰকানাথ গাংগুলীয়ে গোচৰটো আদালতলৈ লৈ যায় আৰু জয়ী হয় আৰু সম্পাদক মহেশ পালক ৬ মাহৰ কাৰাদণ্ড বিহা হয়।[11][12]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.