![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/20/Kokeshi_20101105.jpg/640px-Kokeshi_20101105.jpg&w=640&q=50)
কোকেছি
From Wikipedia, the free encyclopedia
কোকেছি (ইংৰাজী: Kokeshi; こけし, 小芥子) হৈছে হাত বা ভৰি নথকা কাঠৰ সৰল জাপানী পুতলা। এই পুতলাসমূহ শিশুৰ বাবে খেলনা হিচাপে ১৫০ বছৰতকৈ অধিক সময় ধৰি নিৰ্মাণ কৰা হৈছে। কোকেছি মূলতঃ উত্তৰ হনছুৰ টোহোকু অঞ্চলৰ পৰা অহা কাঠৰ পৰা হাতেৰে নিৰ্মিত, ইয়াৰ এটা সাধাৰণ দেহাৱয়ব আৰু শিৰ থাকে আৰু মুখখনক সংজ্ঞায়িত কৰিবলৈ কেইডালমান পাতল, ৰং কৰা ৰেখা থাকে। পুতলাটোৰ শৰীৰত প্ৰায়ে ৰঙা, ক'লা, আৰু কেতিয়াবা সেউজীয়া, বেঙুনীয়া, নীলা বা হালধীয়া চিয়াঁহীৰে ৰং কৰা ফুল আৰু/বা আঙুঠিৰ ডিজাইন থাকে আৰু মমৰ তৰপেৰে আৱৰি থোৱা থাকে। কোকেছি পুতলাৰ এটা বৈশিষ্ট্য হ’ল হাত বা ভৰিৰ অভাৱ। ১৯৫০ চনৰ পৰা কোকেছি নিৰ্মাতাসকলে সাধাৰণতে সাধাৰণতে পুতলাটোৰ তলত আৰু কেতিয়াবা পিছফালে চহী কৰি আহিছে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/2/20/Kokeshi_20101105.jpg/320px-Kokeshi_20101105.jpg)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/1/1b/Kokeshi-finishing.jpg/640px-Kokeshi-finishing.jpg)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f8/Kokeshijapan.jpg/640px-Kokeshijapan.jpg)