![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/0/09/Golden_Globe_Trophy.jpg/640px-Golden_Globe_Trophy.jpg&w=640&q=50)
গ'ল্ডেন গ্ল'ব বঁটা
From Wikipedia, the free encyclopedia
গ'ল্ডেন গ্ল'ব বঁটা হলীউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনৰ ৯৩ জন সদস্যই দেশী বা বিদেশী চলচ্চিত্ৰ আৰু টেলিভিজন প্ৰগ্ৰেমৰ ক্ষেত্ৰত উৎকৰ্ষৰ বাবে প্ৰদান কৰা এক বাৰ্ষিক বঁটা। বঁটাসমূহ প্ৰদান কৰা অনুষ্ঠান আৰু আহাৰগ্ৰহণ চলচ্চিত্ৰ উদ্যোগৰ বাৰ্ষিক বঁটা চিজনৰ এক উল্লেখযোগ্য পৰ্ব যি প্ৰতিবছৰে একাডেমী বঁটাৰ প্ৰদানেৰে সামৰণি পৰে।[1]
ক্ষিপ্ৰ তথ্য গ'ল্ডেন গ্ল'ব বঁটা, বিৱৰণ ...
গ'ল্ডেন গ্ল'ব বঁটা | |
---|---|
Current: ৭০তম গ'ল্ডেন গ্ল'ব বঁটা | |
![]() গ'ল্ডেন গ্ল'ব প্ৰতিমূৰ্তি | |
বিৱৰণ | চলচ্চিত্ৰ আৰু টেলিভিজনৰ ক্ষেত্ৰত উৎকৰ্ষ |
দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
প্ৰদান কৰোঁতা | হলীউড ফৰেইন প্ৰে'ছ এছ'চিয়েচন (১৯৪৩ চনৰ পৰা) |
প্ৰতিষ্ঠা | ১৯৪৩ |
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ১৯৪৪ |
ৱেবচাইট | GoldenGlobes.org |
বন্ধ কৰক
প্ৰথম গ'ল্ডেন গ্ল'ব বঁটা প্ৰদান অনুষ্ঠান ১৯৪৪ চনত টুৱেণ্টীথ চেঞ্চুৰী ফক্স ষ্টুডিঅ'ত অনুষ্ঠিত হৈছিল। ১৯৬১ চনৰ পৰা এই অনুষ্ঠান বেভাৰ্লী হিল্ছ, কেলিফৰ্নিয়াৰ বেভাৰ্লী হিল্টন হোটেলত অনুষ্ঠিত হৈ আহিছে আৰু ২০১২ চনৰ বঁটাও ২০১৩ চনৰ ১৩ জানুৱাৰীত ইয়াতে প্ৰদান কৰা হৈছিল।[2]