টাই নিং
চীনা সাহিত্যিক / From Wikipedia, the free encyclopedia
টাই নিং (ইংৰাজী: Tie Ning; জন্ম: ছেপ্টেম্বৰ ১৯৫৭) এগৰাকী চীনা গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ বেইজিঙত থাকে। ২০০৬ চনৰপৰা তেওঁ চীন ৰাইটাৰ্ছ এছ’চিয়েচনৰ সভাপতি আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ ১৮ তম কেন্দ্ৰীয় সমিতিৰ সদস্য। তেওঁৰ গল্প সংকলনসমূহ হৈছে; ‘আহ্, চিয়াংচু’, ‘দ্য ৰেড চাৰ্ট উইডাউট বাটনচ্’, ‘জুনচ্ বিগ টপিক’, ‘হুইট ষ্ট্ৰ’ ষ্টেক’, ‘কটন ষ্টেক’, ‘দ্য ভিলেজ ৰড টেকচ্ মি হ’ম’, ‘ৰ’জ দ’ৰ’, ‘হাও লং ইজ ফৰেভাৰ’ আৰু ‘দা ইউ নু’।
ক্ষিপ্ৰ তথ্য টাই নিং, জন্ম ...
টাই নিং | |
---|---|
ইণ্টাৰনেটত উপলব্ধ টাই নিঙৰ ফাইল ফটো | |
জন্ম | ছেপ্টেম্বৰ ১৯৫৭ (বয়স ৬৬)
বেইজিং, চীন |
পেচা | ঔপন্যাসিক, ৰাজনীতিক |
ভাষা | চীনা ভাষা |
মাতৃশিক্ষায়তন | বাওদিং ইলেভেনথ্ হাই স্কুল |
সময় | ১৯৭৫ চনৰপৰা বৰ্তমানলৈ |
ধৰণ | উপন্যাস, গল্প |
উল্লেখনীয় কৰ্মৰাজি | আহ্, চিয়াংচু হাও লং ইজ ফৰেভাৰ হোইট ষ্ট্ৰ’ ষ্টেক |
উল্লেখযোগ্য বঁটা | জুৱাং লিটাৰেৰী প্ৰাইজ ১৯৯৩ লু চুন লিটাৰেৰী প্ৰাইজ ১৯৯৭ লাও চি লিটাৰেৰী এৱাৰ্ড ২০০২ বিং চিন প্ৰ’জ এৱাৰ্ড ২০০২ |
দাম্পত্যসংগী | Hua Sheng (华生) |
আত্মীয়-স্বজন | দেউতাক: টাই য়াং (铁扬) |
বন্ধ কৰক
২০২৩ চনৰ ১০ মাৰ্চ তাৰিখে টাই ১৪ তম নেচনেল পিপলচ্ কংগ্ৰেছৰ উপাধ্যক্ষ নিৰ্বাচিত হয়।