টেভাগা বিদ্ৰোহ (ইংৰাজী: Tebhaga movement) আছিল বংগত হোৱা এক কৃষক বিদ্ৰোহ৷ ১৯৪৬-৪৭ চনত হোৱা এই বিদ্ৰোহৰ নেতৃত্ব দিছিল সৰ্বভাৰতীয় কিষাণ সভাই৷ এওঁলোক আছিল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কৃষক সদস্যসকলে৷ সেই সময়ত অংশীদাৰীসকলে (Sharecropper) তেওঁলোকৰ শস্যৰ আধা অংশ জমিদাৰসকলক দিবলৈ চুক্তিবদ্ধ হৈছিল। টেভাগাৰ অৰ্থ হৈছে-তৃতীয়াংশত ভাগ-বতৰা কৰা৷ এই আন্দোলনৰ দাবী আছিল ঘৰৰ মালিকৰ অংশটো এক-তৃতীয়াংশলৈ হ্ৰাস কৰা। [1] ১৯৪৬-৫০ চনৰ সময়ছোৱাত ২৪খন পৰগানাৰ বিভিন্ন অংশত এই আন্দোলন বিকশিত হৈছিল আৰু ইয়াৰ ফলস্বৰূপে বৰ্গাদাৰী আইন প্ৰণীত হৈছিল৷ ১৯৫০ চনৰ বৰ্গদাৰী আইনে বৰ্গদাৰসকলক কৃষিভূমিৰ অধিকাৰ হিচাপে অধিক কৃষিঅংশ দিয়াৰেই পোষকতা কৰিছিল যদিও এই আইন বলবৎ হোৱা নাছিল৷ ভূমিৰ নিৰ্ধাৰিত সীমাতকৈও অধিক অংশ ধনী জমিদাৰসকলেই অধিকাৰ কৰি ৰাখিছিল৷ ১৯৬৭ চনত পশ্চিম বংগত কৃষকৰ বিদ্ৰোহ আৰম্ভ হয় আৰু এই বিদ্ৰোহে ভূমি সংৰক্ষণ আইনৰ অকাৰ্যকাৰিতাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলে৷ এই আন্দোলন আৰম্ভ হয় সোণাৰপুৰ গাঁও পঞ্চায়তৰ পৰা৷ ১৯৭৭ চনত বাঁওপন্থী চৰকাৰৰ নেতৃত্বত সমগ্ৰ পশ্চিমবংগতে ভূমিনীতিৰ গুৰুত্বপূৰ্ণ সংশোধন প্ৰক্ৰিয়া আৰম্ভ হয়৷ প্ৰয়োজনতকৈ অধিক মাটি জমিদাৰৰ কৱলৰ পৰা মুক্ত কৰি কৃষকৰ মাজত ভগাই দিয়া হয়৷ পৰ্যায়ক্ৰমে "অপাৰেছন বাৰ্গা"ৰ জৰিয়তে কৃষকসকলৰ ভাড়াতীয়া অধিকাৰ সুৰক্ষা কৰাৰো এটি প্ৰক্ৰিয়াই পাতনি মেলে৷[2]

হৰে কৃষ্ণ কোণাৰ নামৰ এজন ব্যক্তিয়ে ধনী মাটিৰ মালিকসকলে 'বেনামী'ৰ ৰূপত থৈ দিয়া অতিৰিক্ত ভূমি মোকলাই অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ তেনেকুৱা কৃষিভূমিৰ পৰিমাণ মোটামুটি ৪,০০০ বৰ্গ কিলোমিটাৰ বা দহ লাখ একৰ৷ এই মাটি ৰাজ্যখনৰ ২৪ লাখ ভূমিহীন আৰু দৰিদ্ৰ কৃষকৰ মাজত ভগাই দিয়া হয়৷ এই কাৰ্যত বিনয় চৌধুৰীৰ নেতৃত্বই সহায় কৰে৷[3]

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.