দূৰদৰ্শন বা টিভি (ইংৰাজীত Telivision/TV/Telly/Tube টেলিভিজন/টিভি/টেলি/ট্যুব) এটি মাধ্যম যাৰ জৰিয়তে শব্দ আৰু লৰচৰ কৰা ছবি পঠিয়াব পাৰি। ই ক'লা-বগা, ৰঙীন বা ত্ৰিমাত্ৰিক হ'ব পাৰে। দূৰদৰ্শন এটি জনমাধ্যম, মনোৰঞ্জন, শিক্ষা, বাতৰি তথা বিজ্ঞাপন প্ৰচাৰ কৰিবলৈ।

Thumb
এক আমেৰিকান পৰিয়ালে দূৰদৰ্শন চাই থকাৰ ১৯৫৮ চনৰ ছবি

নামকৰণ

দূৰদৰ্শন শব্দটো "দূৰ" আৰু "দৰ্শন" শব্দৰে গঠিত। অসমীয়াৰ দৰেই ইংৰাজী টেলিভিজন শব্দ প্ৰাচীন গ্ৰীক শব্দ টেলি, যাৰ অৰ্থ দূৰ আৰু ভিজন, যাৰ অৰ্থ দৰ্শনেৰে গঠিত।

সামাজিক প্ৰভাৱ

দূৰদৰ্শনৰ সামাজিক প্ৰভাৱ বৃহৎ, তাৰ মাজত সংবাদ মাধ্যমৰ হিংসাৰ দৰে কু-প্ৰভাৱো আছে। নতুন গৱেষণাই দেখুৱা মতে অকলশৰীয়া লোকে দূৰদৰ্শনৰ চৰিত্ৰসমূহকে সংগী মানি মনৰ অকলশৰীয়াভাব আঁতৰাব পাৰে, এনে কৰাক পেৰাচ'ছিয়েল বা ফক্স ৰিলেছন্সিপ (Parasocial/faux relationship) বোলে।[1] গৱেষণাই এই কথাও দেখুৱাইছে যে শৈক্ষিক দূৰদৰ্শনৰ বহুতো সুবিধা আছে।[2][3]

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.