ব্ৰিটিছ পদাৰ্থবিজ্ঞানী From Wikipedia, the free encyclopedia
ডেভিদ জেমছ থুলছ FRS(/ˈdeɪv[unsupported input]d ˈdʒeɪmz ˈθuːl[unsupported input]s/ জন্ম: ২১ ছেপ্টেম্বৰ ১৯৩৪) এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন আৰু জন মাইকেল কষ্টাৰলিটজৰ লগত পদাৰ্থৰ ট'প'লজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3] [4]
ডেভিদ জেমছ থুলছ David James Thouless | |
---|---|
১৯৯৫ চনত ডেভিদ জেমছ থুলছ | |
জন্ম | ২১ ছেপ্টেম্বৰ, ১৯৩৪ (৮৯ বছৰ) বেয়াৰ্ছডেন , স্কটলেণ্ড |
বাসস্থান | যুক্তৰাষ্ট্ৰ |
জাতীয়তা | ব্ৰিটিছ |
ক্ষেত্ৰ | ঘনীভুত পদাৰ্থ বিজ্ঞান |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | হান্স বেথে |
ডক্তৰেল বিদ্যাৰ্থী |
|
আন উল্লেখযোগ্য বিদ্যাৰ্থী | জন মাইকেল কষ্টাৰলিটজ (postdoc)[1] |
জনা যায় |
|
উল্লেখনীয় বঁটা |
|
দাম্পত্যসঙ্গী | মাৰ্গাৰেট এলিজাবেথ স্ক্ৰেছ (বি. ভুল: অযোগ্য সময়) |
সতি-সন্ততি | তিনিজন |
থুলছে ৱিনচেষ্টাৰ কলেজ আৰু ট্ৰিনিটি হ'ল, কেম্ব্ৰিজত শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ হান্স বেথেৰ তত্ত্ববধনাত কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰে।[5]
তেওঁ প্ৰথমে বেৰ্কেলীত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত যোগদান কৰে। তাৰপিছত তেওঁ যুক্তৰাজ্যৰ বীৰমিংগাম বিশ্ববিদ্যালয়ত গাণিতিক পদাৰ্থ বিজ্ঞান বিষয়ৰ অধ্যাপক হিচাপে যোগ দিয়ে। ১৯৮০ চনত তেওঁ চিটলীত অৱস্থিত ৱাছিংটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰূপে নিযুক্তি লাভ কৰে। থুলছে পৰমাণু, ইলেক্টন আৰু নিউট্ৰন তন্ত্ৰ বিষয়ত ভালেমান বৰঙনি আগবঢ়ায়। তেওঁৰ গৱেষণাৰ বিষয়বস্তু আছিল অতিপৰিবাহী প্ৰক্ৰিয়া, নিউক্লিয়াৰ পদাৰ্থৰ ধৰ্ম আৰু পৰমাণুৰ নিউক্লিয়াছৰ ভিতৰতে উত্তেজিত আৰু সংগ্ৰাহীত গতি।
তেওঁ ৰয়েল ছোচাইটি, আমেৰিকান ফিজিকেল ছোচাইটি আৰু আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ সন্মানীয় ফেলোশ্বিপ আৰু যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য। তেওঁ লাভ কৰা বঁটা সমূহ হ'ল,
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.