নিক'লাচ ক'পাৰ্নিকাচ
From Wikipedia, the free encyclopedia
নিক'লাচ ক'পাৰ্নিকাচ (ইংৰাজী: Nicolaus Copernicus; ১৯ ফেব্ৰুৱাৰী ১৪৭৩ - ২৪ মে' ১৫৪৩) এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী। তেওঁ নৱজাগৰণ যুগৰ এজন সুবিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ সৃষ্টি কৰা ধাৰণা অনুসৰি 'সূৰ্যই নহয়, বৰং পৃথিৱী আৰু অন্যান্য গ্ৰহবিলাকহে সূৰ্যৰ চাৰিওফালে বৃত্তাকাৰে ঘূৰে', এই তত্ত্বৰ দ্বাৰা তেওঁ সৌৰজগত সম্বন্ধীয় পূৰ্বৰ ভ্ৰান্ত ধাৰণা কিছুমান প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল আৰু গ্ৰহ-নক্ষত্ৰৰ গতি সম্পৰ্কে এক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰিবলৈ সমৰ্থৱান হৈছিল।[1][2]
নিক'লাচ ক'পাৰ্নিকাচ | |
---|---|
জন্ম | ১৯ ফেব্ৰুৱাৰী, ১৪৭৩ |
মৃত্যু | ২৪ মে',১৫৪৩ |
শিক্ষানুষ্ঠান | ক্ৰেকো বিশ্ববিদ্যালয়(১৪৯১-৯৪) ব'ল'না বিশ্ববিদ্যালয়(১৪৯৬–১৫০০) পাডুৱা বিশ্ববিদ্যালয়(১৫০১-০৩) ফেৰাৰা বিশ্ববিদ্যালয়(১৫০৩) |
পেচা | গণিত, জ্যোতিৰ্বিজ্ঞান |
জনা যায় | সৌৰকেন্দ্ৰিক মতবাদ টকাৰ সংখ্যাগত তত্ত্ব গ্ৰেছাম-ক'ৰ্পানিকাচ সূত্ৰ |
প্ৰভাৱিত কৰিছে | জোহানচ্ কেপলাৰ |
স্বাক্ষৰ | |
১৫৪৩ চনত ক'পাৰ্নিকাচ মৃত্যুৰ পূৰ্বে, তেওঁৰ দ্বাৰা লিখিত গ্ৰন্থ 'জ্যোতিষ্কবিলাকৰ প্ৰদক্ষিণৰ বিষয়ে' (De revolutionibus orbium coelestium)-ৰ প্ৰকাশ হৈছিল-যি আছিল বিজ্ঞানৰ ইতিহাসত এক চিৰস্মৰণীয় ক্ষণ। এই বিশেষ গ্ৰন্থখনৰ প্ৰকাশেই 'ক'পাৰ্নিকাচ বিপ্লৱ'ৰ সূচনা কৰিছিল আৰু লগতে বৈজ্ঞানিক বিপ্লৱৰ প্ৰতিও এক যুগান্তকাৰী অৱদান হিচাপে চিহ্নিত হৈছিল।[3]