বিয়ান লিয়ান
From Wikipedia, the free encyclopedia
বিয়ান লিয়ান (ইংৰাজী: Bian Lian) হৈছে চিছুয়ান অপেৰাৰ অন্তৰ্গত একপ্ৰকাৰৰ প্ৰাচীন চীনা নাটকীয় শিল্প। এই শিল্প পৰিবেশকসকলে উজ্জ্বল ৰঙৰ সাজ-পোছাক পিন্ধি দ্ৰুত নাটকীয় সংগীতত নৃত্য পৰিৱেশন কৰে। তেওঁলোকে বিভিন্ন ৰঙৰ মুখা পিন্ধি সাধাৰণতে অপেৰাৰ সুপৰিচিত চৰিত্ৰসমূহক চিত্ৰিত কৰে। দ্ৰুত সংগীতৰ তালত তেওঁলোকে কাৰিকৰী কৌশলেৰে বা মূৰৰ গতি বা হাতৰ ঢৌৰ দ্বাৰা নিমিষতে এখন মুখাৰ পৰা আন এখন মুখালৈ সলনি কৰে।