ব্যাস (জ্যামিতি)
কেন্দ্ৰগামী সৰলৰেখা যাৰ প্ৰান্তবিন্দু দুটা পৰিধিৰ সৈতে সংযুক্ত হৈ থাকে / From Wikipedia, the free encyclopedia
জ্যামিতিত বৃত্তৰ ব্যাস (ইংৰাজী: Diameter) হ’ল এডাল কেন্দ্ৰগামী সৰলৰেখা যাৰ প্ৰান্তবিন্দু দুটা পৰিধিৰ সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম জ্যা। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়। Diameter শব্দটো গ্ৰীক ভাষাৰ διάμετρος (diametros) শব্দটোৰ পৰা আহিছে, ই "diagonal of a circle" বুজায়, য'ত δια- (dia-) ৰ অৰ্থ হ'ল "across, through" আৰু μέτρον (metron)ৰ অৰ্থ হ'ল "a measure। "[1]
এই জ্যামিতি সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
অধিক ব্যৱহাৰিক ক্ষেত্ৰত এই সৰলৰেখাৰ দৈৰ্ঘ্যক (মাপক) ব্যাস বোলা হয়, কিয়নো যিকোনো এটা বৃত্তৰ সকলো ব্যাসৰ দৈৰ্ঘ্যৰ মাপেই সমান, এই মাপ বৃত্তটোৰ ব্যাসাৰ্ধৰ দুগুণ। ই বৃত্তৰ পৰিধিৰ কোনো এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ হ'ব পৰা দূৰত্বৰ সৰ্বোচ্ছ মান।[2] গোলক এটাৰ পৃষ্ঠৰ দুটা বিন্দুৰ মাজৰ সৰ্বোচ্ছ দুৰত্বকো ব্যাস বুলি কোৱা হয়। বৃত্তৰ ব্যাস d আৰু পৰিধি C হ'লে C=πd.