জন গণ মন
ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত / From Wikipedia, the free encyclopedia
জন গণ মন (হিন্দী: जन गण मन) হৈছে ভাৰতবৰ্ষৰ জাতীয় সংগীত। এই গীতটো বঙালী ভাষাত ৰচিত যদিও ইয়াত সংস্কৃত শব্দহে বেছিকৈ ব্যৱহাৰ হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এই গীতটোৰ ৰচনাকাল জনা নাযায়। ১৯১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন সভাত পোন প্ৰথমবাৰৰ বাবে এই গীতটো গোৱা হয়। তাতেই স্বাধীন ভাৰতৰ জাতীয় সংগীত হিচাপে স্বীকৃতি লাভ কৰে ইয়াৰ প্ৰথম স্তৱকটোৱে। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত গীত বন্দে মাতৰম্ জাতীয় সংগীতৰ সমপৰ্য্যায়ৰ। বৰ্তমানে "জনগণমন" ভাৰতৰ জাতীয় সংগীত বা "ৰাষ্ট্ৰগান" (নেচনেল এন্থেম্) আৰু "বন্দে মাতৰম্" ভাৰতৰ "জাতীয় স্তোত্ৰ" বা "ৰাষ্ট্ৰগীত" (নেচনেল চং) বুলি বিবেচিত হয়।
ইংৰাজী শীৰ্ষক: Jana Gana Mana (Thou Art the Ruler of the Minds of All People) | |
---|---|
Jôno Gôno Mono | |
ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত | |
গীতিকাৰ | ৰবীন্দ্ৰনাথ ঠাকুৰ |
সুৰকাৰ | ৰবীন্দ্ৰনাথ ঠাকুৰ |
গ্ৰহণৰ তাৰিখ | ১৯৫০ |
সংগীতৰ নমুনা | |
"জনগণমনঅধিনায়ক"ৰ ৰাগ ইমন, তাল কাহাৰবা। দীনেন্দ্ৰনাথ ঠাকুৰ ইয়াৰ স্বৰলিপিকাৰ। "স্বৰবিতান ১৬"ত ইয়াৰ স্বৰলিপি মুদ্ৰিত। জাতীয় সংগীতৰূপে ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত স্বৰলিপিটো বিশ্বভাৰতীৰ গ্ৰন্থন বিভাগৰ দ্বাৰা প্ৰকাশিত "ৰাষ্ট্ৰসংগীত" গ্ৰন্থত মুদ্ৰিত।