মীতৈ লিপি
মেইতেই বা মণিপুৰী ভাষা লিখিবলৈ ব্যৱহাৰ কৰা লিপি / From Wikipedia, the free encyclopedia
মীতৈ লিপি বা মৈতৈ ময়েক বা মিতৈ ময়েক বা মণিপুৰী লিপি মণিপুৰত প্ৰচলিত মীতৈ ভাষা (মণিপুৰী ভাষা) লিখিবলৈ ব্যৱহাৰ কৰা হয়। মেইতেই ময়েক হৈছে একপ্ৰকাৰৰ আবুগিদা লিখন পদ্ধতি। ১৮শ শতিকালৈ এই লিপিৰ প্ৰচলন আছিল যদিও তাৰ পাছৰ শতিকাত বাংলা লিপিয়ে ইয়াৰ স্থান লয়। বৰ্তমানে এই লিপিৰ পুনৰুদ্ধাৰ কৰা হৈছে আৰু মেইতেই ভাষা লিখিবৰ বাবে আধিকাৰিক ভাবে ব্যৱহাৰ কৰা হয়।
মীতৈ ময়েক ꯃꯤꯇꯩ ꯃꯌꯦꯛ | |
---|---|
প্ৰকাৰ | আবুগিদা |
ভাষা | মণিপুৰী ভাষা |
ISO 15924 | Mtei, 337 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Meetei Mayek |
ইউনিক'ড ৰে'ঞ্জ |
|
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
মেইতেই লিপিত পোন্ধৰটা ব্যঞ্জনবৰ্ণ আৰু তাৰ লগতে তিনিটা স্বৰবৰ্ণ মেইতেই ভাষাৰ থলুৱা শব্দবোৰ লিখিবৰ বাবে ব্যৱহাৰ কৰা হয়। আন নটা ব্যঞ্জনবৰ্ণ ভাৰতীয় লিপিসমূহৰ পৰা ব্যৱহাৰৰ বাবে ধাৰ কৰা হৈছে। লিপিটোত সাতটা স্বৰবৰ্ণৰ চিহ্ন আৰু এটা ব্যঞ্জনবৰ্ণৰ চিহ্নও (/ŋ/) ব্যৱহৃত হয়।
মেইতেই লিপিৰ এক বিশেষ বৈশিষ্ট্য হ'ল যে বৰ্ণসমূহৰ নামাকৰণৰ বাবে শৰীৰৰ অংগসমূহৰ নামৰ ব্যৱহাৰ। প্ৰতিটো বৰ্ণৰ নাম মেইতেই ভাষাৰ মানৱ শৰীৰৰ একোটা অংগৰ ওপৰত ৰখা হৈছে। উদাহৰণ স্বৰূপে প্ৰথম বৰ্ণ "কক্"-ৰ অৰ্থ হ'ল মূৰ বা শিৰ; দ্বিতীয় বৰ্ণ "চাম" মানে চুলি; তৃতীয় বৰ্ণ "লাই" মানে কপাল, ইত্যাদি।