যুধিষ্ঠিৰ
মহাভাৰতৰ পঞ্চ পাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ / From Wikipedia, the free encyclopedia
হিন্দু মহাকাব্য মহাভাৰতৰ মতে যুধিষ্ঠিৰ (সংস্কৃত: युधिष्ठिर ) পঞ্চপাণ্ডৱৰ ভিতৰত জ্যেষ্ঠ। তেওঁ কুৰুবংশৰ ৰজা পাণ্ডু আৰু তেওঁৰ প্ৰথম পত্নী কুন্তীৰ পুত্ৰ আছিল। ধৰ্ম দেৱতা অৰ্থাৎ মৃত্যু দেৱতা যমৰ অনুগ্ৰহত তেওঁৰ জন্ম হয়। মহাকাব্যখনত যুধিষ্ঠিৰ ইন্দ্ৰপ্ৰস্থ আৰু পিছলৈ কুৰু ৰাজ্য অৰ্থাৎ হস্তিনাপুৰৰ ৰজা হয়।
যুধিষ্ঠিৰ | |
---|---|
অন্যান্য পাণ্ডৱ বেষ্টিত, দ্ৰৌপদীৰ লগত সিংহাসনত যুধিষ্ঠিৰ। | |
তথ্য | |
দাম্পত্যসঙ্গী | দ্ৰৌপদী, দেৱীকা |
সন্তান | প্ৰতিবিন্ধ্য (দ্ৰৌপদী পুত্ৰ), যৌধেয়, |
শৈশৱৰ পৰাই যুধিষ্ঠিৰ তেওঁৰ খুৰাক বিদুৰ আৰু তেওঁৰ ককাদেউতাক পিতামহ ভীষ্মৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল আৰু ধৰ্মৰ গুণত বিশ্বাস কৰিছিল। তেওঁক কৃপ আৰু দ্ৰোণ নামৰ দুজন যোদ্ধা তথা ঋষিয়ে প্ৰশিক্ষণ প্ৰদান কৰিছিল। পৰৱৰ্তী কালত যুধিষ্ঠিৰক হস্তিনাপুৰৰ ৰাজকুমাৰ হিচাপে অভিষিক্ত কৰা হয় যদিও দুৰ্যোধনৰ চাতুৰীত তেওঁৰ এই পদবী ছিন্ন কৰা হয়। কুন্তীৰ ভুল বুজাবুজিৰ বাবে যুধিষ্ঠিৰ আৰু তেওঁৰ ভাতৃসকলে পাঞ্চালৰ ৰাজকুমাৰী দ্ৰৌপদীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ভীষ্মৰ অনুৰোধত ধৃতৰাষ্ট্ৰই যুধিষ্ঠিৰ আৰু দুৰ্যোধনৰ মাজত উত্তৰাধিকাৰী বিবাদৰ সমাপ্তিৰ বাবে তেওঁৰ ৰাজ্য বিভাজন কৰিছিল। পাণ্ডুৰ জ্যেষ্ঠ পুত্ৰক শাসন কৰিবলৈ এক অনুৰ্বৰ ভূমি দিয়া হৈছিল। কিন্তু তাতেই তেওঁ ইন্দ্ৰপ্ৰস্থ চহৰখন গঢ়ি তুলিছিল।
ৰাজসূয় যজ্ঞৰ পিছত তেওঁ সম্ৰাটৰূপে অধিষ্ঠিত হয় আৰু তেওঁ নিজৰ সতীয়া ভ্ৰাতৃ দুৰ্যোধন আৰু তেওঁৰ খুৰাক শকুনিৰ দ্বাৰা পাশা খেল খেলিবলৈ আমন্ত্ৰণ লাভ কৰে। তাত যুধিষ্ঠিৰে তেওঁৰ ৰাজ্য, খ্যাতি, সম্পদ, তেওঁৰ চাৰি ভ্ৰাতৃ, দ্ৰৌপদী আৰু আনকি নিজকে জুৱাত পণ ৰ্হিচাপে ৰাখি হাৰে। খেলৰ পিছত পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীক তেৰ বছৰৰ বাবে নিৰ্বাসিত কৰি পঠোৱা হয়। ইয়াৰে শেষৰ বছৰটো আছিল অজ্ঞাতবাস। নিৰ্বাসনৰ সময়ত আধ্যাত্মিক পিতৃ ধৰ্মৰাজে তেওঁৰ পৰীক্ষা লয়। অজ্ঞাতবাসৰ কালছোৱাত যুধিষ্ঠিৰে কংকৰ ছদ্মবেশ ধাৰণ কৰি মৎস্য ৰাজ্যৰ ৰজাৰ সেৱা কৰিছিল।
যুধিষ্ঠিৰ কুৰুক্ষেত্ৰ যুদ্ধত বিজয়ী হোৱা পাণ্ডৱ দলৰ নেতা আছিল আৰু শল্যকে ধৰি বহুতো যোদ্ধাক পৰাজিত কৰিছিল। মহাকাব্যৰ সামৰণিত তেওঁ নিজৰ ভাতৃসকলৰ আৰু পত্নীৰ মাজত একমাত্ৰ ব্যক্তি আছিল যি তেওঁৰ নশ্বৰ শৰীৰৰ সৈতে স্বৰ্গলৈ আৰোহণ কৰিছিল।