From Wikipedia, the free encyclopedia
শৰৎ ঋতু (ইংৰাজী: Autumn বা Fall) ছয় ঋতুৰ তৃতীয় ঋতু। ভাদ মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ আহিন আৰু কাতি মাহৰ প্ৰায় শেষলৈকে শৰৎ ঋতু অনুভূত হয়। ইংৰাজীত এই ঋতুক Autumn বা Fall বোলে। উত্তৰ গোলাৰ্ধত ছেপ্টেম্বৰ মাহ আৰু দক্ষিণ গোলাৰ্ধত মাৰ্চ মাহৰ পৰা গ্ৰীষ্ম আৰু শীত কালৰ মধ্যৱৰ্তী ঋতু হিচাপে শৰৎ ঋতুৰ আগমন ঘটে।[1] এই সময়ত দিন চুটি আৰু ৰাতি দীঘল হয়। পুৱাৰ ভাগলৈ সামান্য শীতৰ অনুভৱ হয়। দিনৰ প্ৰায় ভাগ সময়ত তাপমাত্ৰা নাতিশীতোষ্ণ। এই ঋতুত বৰষুণৰ পৰিমাণ কমে আৰু বতৰ ফৰকাল হয়। গছৰ পাত সৰিবলৈ ধৰে।[2] শেৱালি ফুল, বকুল ফুল আদি কেৱল শৰৎ কালত ফুলে। নদীৰ পাৰত কঁহুৱা বন ফুলা দেখা যায়। শৰৎ কালত ভাৰতত বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বন যেনে দুৰ্গা পূজা, লক্ষ্মী পূজা, দেৱালী, কালী পূজা আদি অনুষ্ঠিত হয়। এই সময়ত খেতিয়কৰ অভাৱ অনাটন হয়। অসমত এই সময়ত কাতি বিহু পালন কৰা হয়। প্ৰকৃতিৰ অপৰূপা ৰূপৰ বাবে শৰৎ ঋতুক ঋতু ৰাণী বুলি অভিহিত কৰা হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.