সহায়:সৰল সম্পাদনা
From Wikipedia, the free encyclopedia
আপুনি যদি ৱিকিপিডিয়াত নতুন পৃষ্ঠা বা প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰে জানিবলৈ বিচাৰিছে, তেন্তে এই পৃষ্ঠাত থকা নিৰ্দেশনা পঢ়ি জানিব পাৰিব। যিকোনো ব্যক্তিয়েই ৱিকিপিডিয়াত প্ৰবন্ধ লিখিব পাৰে। অবশ্যে আপুনি যদিহে একেবাৰে নতুন তেন্তে প্ৰথমতে চেণ্ডবক্স বা পৰীক্ষাগাৰত অলপ কিবাকিবি লিখি চাই ল'ব পাৰে: "চেণ্ডবক্স বা পৰীক্ষাগাৰ" - এই লিংকটোত ক্লিক কৰিলে পৰীক্ষাগাৰ পৃষ্ঠাটো পাব। পৃষ্ঠাটোৰ ওপৰৰ ফালে বাওঁহাতে লিখা "সম্পাদনা" লিংকটোত ক্লিক কৰক, তেতিয়া লিখিবৰ কাৰণে এটা ডাঙৰ টেক্সট্ বক্স পাব।
পৃষ্ঠাটোৰ তলত "সাৰাংশ" বুলি লিখা এটা সৰু টেক্সটবক্স আছে। ইয়াত লিখকসকলে অন্য লিখকে জানিব পৰাকৈ আপুনি প্ৰবন্ধটোত যিখিনি লিখিলে বা ৰদ-বদল কৰিলে তাকে কম কথাৰে লিখা হয়। যেনে আপুনি যদি কুকুৰৰ বিষয়ে প্ৰবন্ধটো আৰম্ভ কৰিছে, তেন্তে সাৰাংশত আপুনি কুকুৰ প্ৰবন্ধটো আৰম্ভ কৰিলোঁ বুলি লিখিব।
তলৰ "খচৰা দেখুৱাওক" লিখা বুটামটোত ক্লিক কৰিলে আপোনাৰ লিখাখিনি ৱিকিত কেনেকুৱা দেখা যাব, তাকে চাব পাৰিব। চাই সন্তুষ্ট হ'লে ৱিকিপিডিয়াত প্ৰকাশ কৰিবলৈ "পৃষ্ঠা সাঁচক" বুটামটোত ক্লিক কৰিলেই হ'ল - আপোনাৰ ৱিকিপিডিয়াৰ প্ৰবন্ধ এতিয়া সমগ্ৰ বিশ্বই দেখা পাব।
কোনো প্ৰবন্ধত উল্লেখ থকা কোনো বিষয়ত যদি পৃষ্ঠা নাথাকে, তেন্তে তাৰ লিংকটো ৰঙা দেখা যায়। যেনে এইটো: যদি পৃষ্ঠাখন সৃষ্টি কৰিবলৈ ইচ্ছা কৰে, তেন্তে তাত ক্লিক কৰিলেই হ'ল।
তলৰ ইনপুট বক্সটোত নতুন প্ৰবন্ধটোৰ নামটো লিখি তাৰ তলৰ "পৃষ্ঠা সৃষ্টি কৰক" বুটামটোত ক্লিক কৰিও আপুনি পৃষ্ঠাখন সৃষ্টি কৰিব পাৰে।
পৃষ্ঠাখনৰ শিৰোনাম সদায় একবচন হ'ব লাগে, যেনে "নদী"; কিন্তু"নদীবোৰ" নহয়। ব্যক্তিৰ ক্ষেত্ৰত সন্মানজনক উপাধি পৰিহাৰ কৰক, যেনে "গোপীনাথ বৰদলৈ" লিখিলেই হ'ব; "লোকপ্ৰিয় গোপীনাথ বৰদলৈ" লিখাৰ প্ৰয়োজন নাই।
প্ৰবন্ধটোৰ প্ৰথম শাৰীত পৃষ্ঠাখনৰ নামটো পুনৰ গাঢ় আখৰেৰে লিখক।