From Wikipedia, the free encyclopedia
স্মাৰ্টফোন হৈছে এক বিশেষ শ্ৰেণীৰ ম'বাইল ফোন বা ভ্ৰাম্যভাষ যাৰ দ্বাৰা একাধিক কাৰ্য সম্পাদন কৰিব পাৰি। সাধাৰণ ফোন আৰু স্মাৰ্টফোনৰ মাজত একাধিক বৈসাদৃশ্য আছে। যাৰ ভিতৰত শক্তিশালী হাৰ্ডৱেৰ আৰু উৎকৃষ্ট পৰ্যায়ৰ ম'বাইল অপাৰেটিঙ ছিষ্টেমেই প্ৰধান। লগতে ছফ্টৱেৰ(চালনাজ্ঞান) আৰু ইণ্টাৰনেট-সংযোগো(ম'বাইল নেটৱৰ্কত ইণ্টাৰনেট-সন্ধান (Web browsing[1] over mobile broadband) সেই বৈশিষ্ট্যসমূহৰ অন্যতম। ভয়চ কল,লিখিত বাৰ্তা-প্ৰেৰণৰ সুবিধাৰ উপৰি স্মাৰ্টফোনে সংগীত,দৃশ্য-শ্ৰাব্য,কেমেৰা,গে'ম আদি মাল্টিমিডিয়া শ্ৰেণীৰ নানানটা কাম সম্পাদন কৰিবলৈও সুবিধা প্ৰদান কৰে। স্মাৰ্টফোন এটাত বিভিন্ন ধৰণৰ সংবেদক(Sensor) থাকে,যিবোৰে বিভিন্ন ছফ্টৱেৰে সঠিকভাৱে কাৰ্য-সম্পাদন কৰাত সহায় কৰে। উদাহৰণস্বৰূপে মেগনেট'মিটাৰ, নিকটত্ব সংবেদক(Proximity Sensor),বেৰ'মিটাৰ, জাইৰ'স্কপৰ কথা ক'ব পাৰি। স্মাৰ্টফোন এটাই তাঁৰবিহীন সংযোগো সুচল কৰি তোলে। সেই কাম সম্পন্ন কৰিবলৈ স্মাৰ্টফোন এটাত ব্লু-টুথ, ৱাই-ফাই আৰু ভূমণ্ডলীয় অৱস্থান-নিৰ্ণয় পদ্ধতি (GPS) ইত্যাদিৰ ব্যৱহাৰ দেখা যায়।
২০০০ চনত ব্লেকবেৰি,ন'কিয়াৰ চিম্বায়ান প্লেটফৰ্ম আৰু ৱিনড'জ ম'বাইলে বজাৰ দখল কৰিবলৈ আৰম্ভ কৰে। সেইসমূহ ম'বাইলৰ বিশেষত্ব আছিল কুৱেৰ্টি কিবৰ্ড(Qwerty Keyboard) নাইবা ৰোধসম্পন্ন টাচ্ছস্ক্ৰীণ নিবেশ আৰু বিশেষ গুৰুত্ব দিয়া হৈছিল ই-মেইল আৰু তাঁৰবিহীন ইণ্টাৰনেট সেৱাত। ২০০৭ চনত আইফ'নৰ আগমন হোৱাৰ লগে লগে,অধিকাংশ স্মাৰ্টফোনৰেই আকাৰ পূৰ্বতকৈ মিহি হ'ল। কিবৰ্ডত চুইচ টিপাৰ পৰিৱৰ্তে বৃহৎ ধাৰকীয় (Capacitive) পৰ্দাত আঙুলিৰ পৰশৰ সহায়ত এইবোৰ ফোনক বিভিন্ন নিৰ্দেশনা দিয়া হৈছিল। গ্ৰাহকে ডাউনল'ড কৰাৰ সুবিধা লাভ কৰিছিল, অ'নলাইনত সামগ্ৰী কিনাৰ সুবিধা লাভ কৰিছিল আৰু ক্লাউড ষ্টৰেজ,ভাৰ্চুৱেল সহায়ক, নাইবা ম'বাইলযোগে ধন আদায় দিয়া সেৱাসমূহ গ্ৰহণ কৰিব পাৰিছিল।
শেহতীয়াকৈ সংশোধিত,উন্নততৰ হাৰ্ডৱেৰ আৰ দ্ৰুতশীল তাঁৰবিহীন যোগাযোগ ব্যৱস্থাই স্মাৰ্টফোন উদ্যোগৰ অভাৱনীয় বিকাশ সাধন কৰে। ২০১২ চনৰ মধ্যভাগত স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা আছিল প্ৰায় ১০০ কোটি। [2]
অনুমান কৰা হৈছে যে,২০১৯ চনত স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা ২৫০ কোটি হ'বগৈ।[3]
'স্মাৰ্টফোন' হিচাপে অভিহিত কৰিব পৰা প্ৰথমটো যন্ত্ৰ বজাৰত ওলাইছিল ১৯৯২ চনত। তাৰ আদিৰূপটোৰ নাম আছিল Angler; যাক সাজি উলিয়াইছিল ফ্ৰেংক কেনোভা নামৰ ব্যক্তি এগৰাকীয়ে। যন্ত্ৰটোৰ কাম-কাজৰ প্ৰদৰ্শন কৰা হৈছিল সেইবছৰৰে নৱেম্বৰ মাহত; কমডেস্ক কম্পিউটাৰ উদ্যোগৰ এক বাণিজ্য মেলাত।[4][5][6]
১৯৯৪ চনত ছিম'ন পাৰ্ছনেল কমুনিকেটৰৰ অধীনস্থ বেলছাউথৰ দ্বাৰা সেইটো যন্ত্ৰৰে এটি পৰিমাৰ্জিত সংস্কৰণ উলিউৱা হ'ল। ফোনকল গ্ৰহণ আৰু প্ৰেৰণৰ উপৰিও এইটো টাচ্ছস্ক্ৰীন যন্ত্ৰত ফেক্স আৰু ই-মেইলৰ আদান-প্ৰদান হৈছিল। লগতে এখন ঠিকনা বহী, কেলেণ্ডাৰ , সাক্ষাৎ-নিৰ্ণায়ক, কেলকুলেটৰ, বিশ্ব ঘড়ী, আৰু নোটপেডৰ সুবিধা আছিল। [7] ছিম'ন ওলোৱাৰ পাছতহে, অৰ্থাৎ ১৯৯৫ চনতহে পোনপ্ৰথমবাৰৰ বাবে স্মাৰ্টফোন নামটো মানুহৰ মাজত প্ৰচলিত হৈছিল।[8]
স্মাৰ্টফোন এটাৰ কামবোৰ সুচাৰুৰূপে চলাই নিবলৈ কম্পিউটাৰত থকাৰ দৰে এটা অপাৰেটিং ছিষ্টেম(OS)থাকে। তলত কেইটামান অপাৰেটিং ছিষ্টেমৰ নাম উল্লেখ কৰা হ'ল-
স্মাৰ্টফোনত ইনষ্টল হোৱা কেইটামান জনপ্ৰিয় ম'বাইল এপ হৈছে-
বিগত সময়ছোৱাত স্মাৰ্টফোনৰ গঠনশৈলী আৰু নিৰ্মাণকাৰ্যলৈ যুগান্তকাৰী পৰিৱৰ্তন আহিছে। স্মাৰ্টফোন হৈছে এটি সৰু কাৰ্যক্ষম কম্পিউটাৰৰ দৰে। গতিকে কম্পিউটাৰত থকা কেতবোৰ উপাদান স্মাৰ্টফোনতো দেখিবলৈ পোৱা যায়। স্মাৰ্টফোনত থকা কিছুমান হাৰ্ডৱেৰ হৈছে:
টাচ্ছস্ক্ৰীন নিৰ্মাণ কৰিবলৈ ৰেজিজটিভ, কেপাচিটিভ,ইনফ্ৰাৰেড আদি বিভিন্নধৰণৰ টাচ্ছস্ক্ৰীন প্ৰযুক্তি ব্যৱহাৰ কৰা হয়।[19]
আমি বিভিন্ন ধৰণে smart phone ৰ ব্যৱ্হাৰ কৰো। Smart phone ৰ ব্যৱ্হাৰ সমূহ তলত উল্লেখ কৰা হ'ল:-
১) যোগাযোগ কৰিবৰ বাবে । call, video call, WhatsApp, text message আদিৰ সহায়ত আমি সকলোৰে সৈতে যোগাযোগ হৈ থাকিব পাৰোঁ। ২) YouTube, Google, Wikipedia আদিৰ সহায়ত আমি আমাৰ মনত চলি থকা প্ৰশ্নৰ উত্তৰ পাব পাৰো আৰু তাৰ বিষয়ে বহল ভাবে অধ্যয়ন কৰিব পাৰো। ৩) facebook, instagram, twitter আদিৰ সহায়ত আমি দেশ-বিদেশৰ মানুহৰ লগত চিনাকি হব পাৰোঁ। ৪)facebook, instagram, twitter আদিয়ে প্ৰচাৰ মাধ্যম মজবুত কৰি তুলিছে, ফলত আমি সকলো ধৰণৰ বাতৰি পাবলৈ সক্ষম হৈছো ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.