হিপ'ক্ৰেটিছ
From Wikipedia, the free encyclopedia
হিপ'ক্ৰেটিছ (ইংৰাজী: Hippocrates বা Hippocrates of Cos বা Hippokrates of Kos), (খ্ৰী.পূ. ৪৬০ - খ্ৰী.পূ. ৩৭০) প্ৰাচীন গ্ৰীক চিকিৎসক। এখেতক পাশ্চাত্য চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়।[2][3][4] হিপ'ক্ৰেটিছেই চিকিৎসা বিজ্ঞানক দৰ্শন আৰু ধৰ্ম শাস্ত্ৰৰ আয়ত্ত্বৰ বাহিৰলৈ আনি স্বকীয় বৈশিষ্ট্যৰ বিজ্ঞান বুলি চিহ্নিত কৰে। হিপ'ক্ৰটিছৰ অৱদান সমূহৰ বিষয়ে ঘাইকৈ জনা যায় হিপ'ক্ৰটিছৰ কৰ্পাছ (Hippocratic Corpus) লিখনী সমূহৰপৰা। এই লিখনীৰ সংগ্ৰহত বহুকেইজন ব্যক্তিৰ পৰীক্ষা-নিৰীক্ষা আৰু অভিজ্ঞতাৰ ফছল সোমাই আছে। সেয়ে ইয়াৰে কিমানখিনি হিপ'ক্ৰটিছৰ নিজৰ লিখা সেয়া সঠিককৈ জানিব পৰা নাযায়। কিন্তু প্ৰাচীন জগতৰ এজন প্ৰখ্যাত চিকিৎসক হিচাপে হিপ'ক্ৰেটিছক আটায়ে মানি লয়। চিকিৎসা শাস্ত্ৰত প্ৰণালীবদ্ধ অধ্যয়নৰ পাতনি মেলাত হিপ'ক্ৰেটিছৰ ভূমিকা সৰ্বজনগৃহীত। বিগত সময়ৰ জ্ঞানৰ লগত নিজৰ গৱেষণালব্ধ জ্ঞান যোগ দিয়াৰ উপৰিও হিপ'ক্ৰেটিছে চিকিৎসা বৃত্তিক এটা সন্মানীয় পেছা হিচাপে গঢ় দিয়ে। চিকিৎসাক পেছা হিচাপে গ্ৰহণ কৰা সকলে মানি চলিবলগীয়া নীতি-নিয়ম আদি হিপ'ক্ৰেটিছে প্ৰণয়ন কৰা 'চিকিৎসকৰ শপতনামা'ত (Hippocratic Oath) লিখি থৈ গৈছে।[5][6]
কছ নগৰৰ হিপ'ক্ৰেটিছ | |
---|---|
পিটাৰ পল ৰিউবেনছৰদ্বাৰা ১৬৩৮ খ্ৰীষ্টাব্দত তৈয়াৰী খোদন শিল্প , নেছনেল লাইব্ৰেৰী অফ মেডিচিনৰ সৌজন্যত প্ৰাপ্ত.[1] | |
জন্ম | খ্ৰী.পূ. ৪৬০ কছ, গ্ৰীছ |
মৃত্যু | খ্ৰী.পূ. ৩৭০ লৰিছা, গ্ৰীছ |
পেচা | চিকিৎসক |