![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9c/Hiromi_Kawakami_DSC01346_LiteratureXchange_Festival.jpg/640px-Hiromi_Kawakami_DSC01346_LiteratureXchange_Festival.jpg&w=640&q=50)
হিৰমি কাৱাকামি
From Wikipedia, the free encyclopedia
হিৰমি কাৱাকামি (ইংৰাজী: Hiromi Kawakami; 川上 弘美, জন্ম:১৯৫৮) এগৰাকী জাপানী সাহিত্যিক; যাক তেওঁৰ অসামান্য কল্পকাহিনী, কবিতা আৰু সাহিত্য সমালোচনাৰ বাবে জনা যায়। তেওঁ তেওঁৰ সাহিত্যিক অৱদানৰ বাবে আকুটাগৱা প্ৰাইজ, দ্য তানজাকি প্ৰাইজ, দ্য য়মিউৰি প্ৰাইজ তথা আইজুমি প্ৰাইজকে ধৰি বহুকেইটি জাপানী সাহিত্য বঁটা লাভ কৰিছে। তেওঁ লেখাৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ হোৱাৰ লগতে তেওঁৰ লেখা প্ৰায় ১৫ টা ভাষালৈ অনুবাদ হৈছে।
ক্ষিপ্ৰ তথ্য হিৰমি কাৱাকামি, জন্ম ...
হিৰমি কাৱাকামি | |
---|---|
![]() লিটাৰেচাৰ একচেঞ্জ ফেষ্টিভেল আৰহাচ, ডেনমাৰ্ক ২০২৩ ফটো: Heinn Gudlaugsson | |
জন্ম | ১৯৫৮ (বয়স ৬৫–৬৬)
ট’কিঅ’, জাপান |
পেচা | ঔপন্যাসিক |
ৰাষ্ট্ৰীয়তা | জাপানীজ |
মাতৃশিক্ষায়তন | Ochanomizu Women's College |
সময় | ১৯৯০ চনৰপৰা বৰ্তমানলৈ |
ধৰণ | কল্প-সাহিত্য, কবিতা |
উল্লেখনীয় কৰ্মৰাজি | ট্ৰেড অন আ স্নেক, দ্য ব্ৰীফকেজ/ষ্ট্ৰেঞ্জাৰ ৱেডাৰ ইন ট’কিঅ’ |
উল্লেখযোগ্য বঁটা |
|
বন্ধ কৰক