![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d3/Netorare.png/640px-Netorare.png&w=640&q=50)
হেনটাই
From Wikipedia, the free encyclopedia
হেনটাই (ইংৰাজী: Hentai) হৈছে জাপানীজ পৰ্ণগ্ৰাফিক এনিমে আৰু মাংগাৰ এক শৈলী। জাপানী মূলৰ এই শব্দটোৱে (変態) প্ৰচাৰ মাধ্যমৰ কোনো ধাৰাক বৰ্ণনা নকৰে, বৰঞ্চ ই এটা অস্বাভাৱিক যৌন ইচ্ছা বা কাৰ্য্যক প্ৰতিনিধিত্ব কৰে। 'Hentai seiyoku' (変態性欲, "যৌন বিকৃতি")ৰ সংক্ষিপ্ত ৰূপ হিচাপে এই শব্দটো এনে বিকৃত যৌন ইচ্ছা আৰু কাৰ্য্য ধাৰণ কৰা বা কৰা ব্যক্তিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এনিমে আৰু মাংগাৰ উপৰিও হেনটাইৰ প্ৰভাৱ বিভিন্ন মাধ্যমত বিদ্যমান, য'ত আৰ্টৱৰ্ক আৰু ভিডিঅ' গেম (সাধাৰণতে ইৰ'জে বুলি জনা যায়)কে ধৰি বিভিন্ন মাধ্যমত এই শৈলী ব্যৱহাৰ হয়।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d3/Netorare.png/640px-Netorare.png)
যৌনতাৰ প্ৰতি জাপানীজ সাংস্কৃতিক আৰু ঐতিহাসিক মনোভাৱৰ দ্বাৰা হেনটাইৰ বিকাশ প্ৰভাৱিত হৈছে। স্ব-প্ৰকাশিত হেনটাইৰ সৃষ্টিসমূহে ডৌজিনছিকে ধৰি ডৌজিন ৰচনাৰ বজাৰৰ এক উল্লেখযোগ্য অংশ গঠন কৰে। আনকি বিভিন্ন ধৰণৰ যৌন কাৰ্য্য আৰু সম্পৰ্কৰ লগতে নতুন ফেটিছৰ চিত্ৰণ কৰা অসংখ্য উপশৈলীৰ অস্তিত্বও বিদ্যমান।