ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ
From Wikipedia, the free encyclopedia
ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
(International Classification of Diseases (ICD))
১৮৫০ চনৰ পৰাই ৰোগ সমূ্হক অধ্যয়ন আৰু গৱেষণাৰ সুবিধাৰ শ্ৰেণী বিভাজন কৰাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰচেষ্টাৰেই ১৮৯৩ চনত প্ৰথমে 'আন্তৰ্জাতিক পৰিসংখ্যা প্ৰতিষ্ঠান'-এ (International Statistical Institute) প্ৰথমে 'মৃত্যুৰ কাৰণৰ তালিকা' (List od Causes of Death) প্ৰকাশ কৰে। এই তালিকাৰ ষষ্ঠ সংশোধনী 'বিশ্ব স্বাস্থ্য সংঘ'ৰ (World Health Organization) তত্ত্বাৱধানত প্ৰকাশ কৰা হয়। ইয়াৰ নাম দিয়া হয় 'ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন' (International Classification of Diseases, চমুকৈ ICD)। ১৯৬৭ চনত 'বিশ্ব স্বাস্থ্য সদন'ত 'WHO ৰোগ নামকৰণ নিয়মাৱলী'ৰ (WHO Nomenclature Regulations) আধাৰত প্ৰস্তুত কৰি উলিয়ায় আৰু সংঘ ৰাষ্ট্ৰ সমূহক ৰোগৰ নামকৰণৰ বাবে ICD-ৰ সৰ্বশেষ সংশোধনী ব্যৱহাৰ কৰাৰ উপদেশ দিয়ে।
১৯৯০ চনত 'বিশ্ব স্বস্থ্য সদন'-এ ICD-ৰ দশম সংষ্কৰণ প্ৰস্তুত কৰে আৰু ১৯৯৪ চনৰপৰা সংঘ ৰাষ্ট্ৰসমূহৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হয়। বৰ্তমানেও এই সংষ্কৰণকে ব্যৱহাৰ কৰা হৈছে। অৱশ্যে একাদশ সংষ্কৰণৰ কাম এতিয়া চলি আছে।
ICD-য়ে সকলো ৰোগ, স্বাস্থ্য পৰিচালনাৰ বিভিন্ন দিশ আৰু ৰোগী চিকিৎসাৰ সমূহ দিশকে সাঙুৰিলৈ নিৰ্দিষ্ট নিয়মেৰে শ্ৰেণিবিভাজন আৰু নামকৰণ কৰে। ৰোগৰ চিকিৎসা, চিকিৎসা সম্পৰ্কীয় ব্যয় নিৰ্ধাৰণ, ৰোগবিধত হোৱা শাৰীৰিক ক্ষতি ইত্যাদি এই বিভাজনৰ আধাৰতে নিৰ্ণয় কৰা হয়। 'মৃত্যৰু প্ৰমাণপত্ৰ'ত ICD-পদ্ধতিৰে ৰোগ চিনাক্ত কৰি দিয়াটো বাধ্যতামূলক।
ৰোগৰ শ্ৰেণীবিভাজন কৰি চিনাক্ত কৰাৰ উপৰিও এই নিৰ্দেশাৱলীয়ে ৰোগৰ আন্তৰ্জাতিক গৱেষণাত থকা নিদান সম্পৰ্কীয় পাৰ্থক্যবোৰ (Diagnostic differences) দূৰ কৰে। তাৰ বাহিৰেও একে নিৰ্দেশাৱলী মানি চলিলে কোনো এবিধ ৰোগৰ বিষয়ে আন্তৰ্জাতিক পৰিসংখ্যা প্ৰস্তুত কৰাত বিশেষ সুবিধা হয়।