অজয় ঘটক
From Wikipedia, the free encyclopedia
অজয় ঘটক ( জন্ম ১৯৩৯ চনৰ ৯ নৱেম্বৰ) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞানবিষয়ক পাঠ্যপুথিৰ ৰচক। তেওঁ ইতিমধ্যে ১৭০ ৰো অধিক গৱেষণা পত্ৰ আৰু ২০ খনতকৈও অধিক পাঠ্যপুথি ৰচনা কৰিছে। তেওঁ স্নাতক মহলাৰ বাবে ৰচনা কৰা পুথি Optics চীনা আৰু পাৰ্ছী ভাষালৈ অনূদিত হোৱাৰ লগতে ম’নগ্ৰাফ Inhomogeneous Optical Waveguides ( অধ্যাপক ছধাৰ সৈতে সহলিখন) চীনা আৰু ৰাছিয়ান ভাষালৈ অনূদিত হৈছে[1]। ১৯৯৫ চনত তেওঁ পোহৰ বিজ্ঞানৰ শিক্ষাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে আমেৰিকাৰ অপ্টিকেল চ’চাইটিৰ ফেল’ হিচাপে নিৰ্বাচিত হৈছিল[2]। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। ব্ৰুখাৱেন নেশ্বনেল লেব’ৰেটৰীত কিছুদিন গৱেষণাৰ সহায়ক হিচাপে কাম কৰাৰ পাছত তেওঁ ১৯৬৬ চনত দিল্লীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত যোগদান কৰে[2] আৰু ২০০৭ চনত তাৰ পৰাই পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে[3]। বৰ্তমান তেওঁ বিভিন্ন গ্ৰন্থ আদি ৰচনা কৰাৰ লগতে দেশ বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহত অতিথি অধ্যাপক হিচাপে শ্ৰেণীকোঠাত যোগদান কৰে[4][5]।
ড০ অজয় ঘটক | |
---|---|
জন্ম | ১৯৩৯ লক্ষ্ণৌ |
বাসস্থান | নতুন দিল্লী |
নাগৰিকত্ব | ভাৰতীয় |
জাতীয়তা | ভাৰত |
ক্ষেত্ৰ | পদাৰ্থবিজ্ঞান |
কৰ্মস্থান | ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান |
শিক্ষানুষ্ঠান | দিল্লী বিশ্ববিদ্যালয় কৰ্ণেল বিশ্ববিদ্যালয় |
শৈক্ষিক পৰামৰ্শদাতা | হাঁছ বেথে, মাৰ্ক নেলকিন |
উল্লেখযোগ্য বিদ্যাৰ্থী | কে ত্যাগৰঞ্জন, আৰ কে বৰ্ছনে,বি পি পাল, অনুৰাগ শৰ্মা, আই চি গোয়াল, জি পি আগৰৱাল |
জনা যায় | ফট'নিকছ আৰু ফাইবাৰ অপটিকছৰ ওপৰত গৱেষণা আৰু ভাৰতবৰ্ষৰ শিক্ষা |
উল্লেখনীয় বঁটা | এছ এছ ভাটনাগৰ বঁটা (ভাৰতবৰ্ষৰ বিজ্ঞানৰ সৰ্বোচ্চ বঁটা), অ এছ এ ফেল', Fellow National Academy of Sciences India, OSA Esther Hoffman Beller Award, ICO Galileo Galilei Award, SPIE educator award |