ভাৰত
দক্ষিণ এছিয়াত অৱস্থিত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ / From Wikipedia, the free encyclopedia
ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ (ইংৰাজী: Republic of India) দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা প্ৰথম তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মুঠ উপকূলৰ দৈৰ্ঘ্য হ'ল ৭,৫১৭ কিলোমিটাৰ (৪,৬৭১ মাইল)। এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰসমূহ হ'ল- পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰু ভূটান, পূবে বাংলাদেশ আৰু ম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰু ইন্দোনেচিয়া লগতে থাইলেণ্ড ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্য পথ আৰু একাধিক বিশাল সাম্ৰাজ্যৰ পটভূমি ভাৰতীয় উপমহাদেশ ইয়াৰ সুদীৰ্ঘ অৰ্থনৈতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত। পৃথিৱীৰ চাৰি প্ৰধান ধৰ্ম- হিন্দু, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্মৰ উৎপত্তি ভাৰতত। মধ্যযুগৰ আৰম্ভণিতে খ্ৰীষ্টান ধৰ্ম, ইছলাম, ইহুদী আৰু পাৰ্চী ধৰ্মই ভাৰতৰ দক্ষিণ আৰু পশ্চিম উপকূলত প্ৰৱেশ কৰে আৰু বিধিতাময় ভাৰতীয় সভ্যতাৰ সৃষ্টি কৰে।[2] অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰৱেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবিংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত ব্ৰিটিছ উপনিবেশত পৰিণত হয়। অৱশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।
ভাৰত গণৰাজ্য भारत गणराज्य
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য "सत्यमेव जयते" (সংস্কৃত, দেৱনাগৰী) সত্যমেৱ জয়তে |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত জন গণ মন |
||||||
জাতীয় সংগীত বন্দে মাতৰম্ |
||||||
গাঢ় সেউজীয়া ৰং ত দেখুওৱা এলেকা ভাৰতৰ দ্বাৰা নিয়ন্ত্ৰিত; পাতল সেউজীয়া ৰং ত দেখুওৱা অঞ্চলবোৰ ভাৰতে দাবী কৰে যদিও নিয়ন্ত্ৰণাধীন নহয়।
|
||||||
ৰাজধানী | নতুন দিল্লী | |||||
বৃহত্তম নগৰ | মুম্বাই | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | হিন্দী, ইংৰাজী | |||||
স্বীকৃত আঞ্চলিক ভাষাসমূহ | ||||||
ৰাষ্ট্ৰীয় ভাষা | সংবিধানে নিৰ্ধাৰণ কৰা নাই | |||||
জাতীয়তাসূচক বিশেষণ | ভাৰতীয় | |||||
চৰকাৰ | সংসদীয় গণতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | দ্ৰৌপদী মূৰ্মু | ||||
- | প্ৰধান মন্ত্ৰী | নৰেন্দ্ৰ মোদী (বি জে পি) | ||||
- | লোকসভাৰ অধ্যক্ষ | ঔম বিৰলা (বি জে পি) | ||||
- | মুখ্য ন্যায়াধীশ | ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় | ||||
স্বাধীনতা | ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা | |||||
- | স্বাধীনতা লাভ | ১৫ আগষ্ট ১৯৪৭ | ||||
- | গণতন্ত্ৰ প্ৰতিষ্ঠা | ২৬ জানুৱাৰী ১৯৫০ | ||||
মাটিকালি | ||||||
- | মুঠ | ৩২,৮৭,২৬৩ বৰ্গ কিমি (সপ্তম) ১২,৬৯,২১৯ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৯.৬ (৩,১৫,৫৭৭ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | ২০১১ লোকপিয়ল | ১,৩২,৬৫,৭২,০০০ (২nd) | ||||
- | ঘনত্ব | ৩৯৩.৬ প্ৰতি বৰ্গকিমি (৩১st) প্ৰতি বৰ্গমাইল |
||||
জিডিপি (পিপিপি) | ২০১৭ আনুমানিক | |||||
- | মুঠ | $৯.৪৮৯ trillion (৩) | ||||
- | জনমুৰি | $৭,১৫৩ | ||||
জিডিপি (নামমাত্ৰ) | ২০১৭ আনুমানিক | |||||
- | মুঠ | $২.৪৫৪ trillion (৬) | ||||
- | জনমুৰি | $১,৮৫০ | ||||
জিনি সহগ? (২০১৩) | ৩৩.৯ (79th) | |||||
মানৱ উন্নয়ন সূচক (২০১৫) | ০.৬২৪[1] (মধ্যম) (১৩১) | |||||
মুদ্ৰা | ভাৰতীয় টকা (₹ ) |
|||||
সময় অঞ্চল | ভাৰতীয় মান সময় (ইউটিচি+০৫:৩০) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | পালন কৰা নহয় (ইউটিচি+০৫:৩০) | ||||
তাৰিখ বিন্যাস | dd/mm/yyyy | |||||
গাড়ী চলোৱা হয় | বাওঁ ফালে | |||||
ইণ্টাৰনেট টিএলডি | .in; .ভাৰত | |||||
কলিং ক'ড | +৯১ |