গিৰীশা নাগাৰাজেগৌড়া
ভাৰতীয়ৰ পেৰা-এথলীট তথা হাই জাম্প খেলুৱৈ / From Wikipedia, the free encyclopedia
গিৰীশা হোচানাগাৰা নাগাৰাজেগৌড়া (ইংৰাজী: Girisha Hosanagara Nagarajegowda; জন্ম: ২৬ জানুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয়ৰ পেৰা-এথলীট তথা হাই জাম্প খেলুৱৈ। গিৰীশ এন গৌড়া নামেৰেও পৰিচিত তেওঁৰ জন্ম বাওঁ ভৰিৰ প্ৰতিবন্ধকতাৰ সৈতে হৈছিল। তেওঁ পুৰুষৰ হাই জাম্প এফ-৪২ শ্ৰেণীত লণ্ডনত অনুষ্ঠিত ২০১২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি ১.৭৪ মিটাৰ অতিক্ৰমী ফাইনেলত ৰূপৰ পদক অৰ্জন কৰিছিল।[1] সেই পেৰালিম্পিকত পদক অৰ্জন কৰা তেওঁ আছিল একমাত্ৰ ভাৰতীয় তথা পেৰালিম্পিকত পদক জয় কৰা ষষ্ঠ ভাৰতীয়।[1]
ক্ষিপ্ৰ তথ্য গিৰীশা নাগাৰাজেগৌড়া, ব্যক্তিগত তথ্যাৱলী ...
গিৰীশা নাগাৰাজেগৌড়া | |||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||
সম্পূৰ্ণ নাম | গিৰীশা হোচানাগাৰা নাগাৰাজেগৌড়া | ||||||||||||||||||
জন্ম | ২৬ জানুৱাৰী, ১৯৮৮ (৩৫ বছৰ) | ||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||
ক্ৰীড়া | এথলেটিকছ | ||||||||||||||||||
শিতান | হাই জাম্প এফ৪২ | ||||||||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||||||||
পেৰালিম্পিক ফাইনেল | ২০১২ লণ্ডন: হাই জাম্প এফ৪২ – ৰূপ | ||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক