তালিবান আৰু মহিলাৰ প্ৰতি আচৰণ
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
মহিলাৰ প্ৰতি তালিবানৰ আচৰণ (ইংৰাজী: Treatment of women by the Taliban) অত্যন্ত বিতৰ্কিত। তালিবান হৈছে আফগানিস্তানৰ এক সামৰিক সংগঠন। এই সংগঠনৰ আদৰ্শ দেওবন্দী মৌলবাদ আৰু উগ্ৰপন্থী ইছলামবাদৰ ওপৰত আধাৰিত শ্বৰিয়া ইছলামিক আইনৰ এক "অভিনৱ" ৰূপ হিচাপে বৰ্ণনা কৰা হয়। এই আদৰ্শৰ সৈতে পশতুন সামাজিক আৰু সাংস্কৃতিক ৰীতি-নীতিৰ সংমিশ্ৰণ থকাৰ বাবে ইয়াক "পশতুনৱালী" বুলি জনা যায়।[1][2][3] ২০২১ চনত তালিবানে আফগানিস্তানৰ বেছিভাগ অংশ দখল কৰাৰ পাছত, বহুতো উদ্বেগে দেখা দিছে।[4] ইতিমধ্যে কাবুলৰ লগতে আন বিভিন্ন স্থানত তালিবানী সৈন্যই মহিলাক অত্যাচাৰ কৰা ঘটনা পোহৰলৈ আহিছে। এনে এটা ঘটনাত তালিবানে এগৰাকী মহিলাক ৰাজহুৱা স্থানত বোৰ্খা নিপিন্ধাৰ বাবে হত্যা কৰা বুলিও বাতৰিত প্ৰকাশ।[5] লক্ষণীয় কথাটো হ’ল যে একেসময়তে এক সংবাদমেল সম্বোধন কৰি তালিবানে উল্লেখ কৰে যে মহিলাৰ প্ৰতি থকা অতীতৰ কেতবোৰ কঠোৰ নিয়ম এইবাৰ সলনি কৰা হ’ব।[6]
যোৱা ১৯৯৬ চনত আফগানিস্তান তালিবানৰ অধিনত আহাৰ সময়চোৱাত তালিবান সংগঠনৰ এজন মুখপাত্ৰৰ মতে আফগানিস্তানৰ মহিলাসকলক ৰাজহুৱাভাৱে বোৰ্খা পিন্ধিবলৈ বাধ্য কৰা হয় কিয়নো পৰপুৰষৰ বাবে "এগৰাকী মহিলাৰ মুখ দুৰ্নীতিৰ উৎস।"[7] কেতিয়াবা লিংগ বৰ্ণবাদ বুলি কোৱা এই আদৰ্শৰ মতে মহিলাসকলক চাকৰি কৰিবলৈ দিয়া নহয়, তেওঁলোকক আঠ বছৰ বয়সৰ পাছত শিক্ষালাভ কৰিব দিয়া নহয়, কেৱল কোৰান অধ্যয়নৰ অনুমতি দিয়া হয়।[8]
তালিবানৰ আদৰ্শ মতে শিক্ষা বিচৰা মহিলাসকলক ভূগৰ্ভস্থ বিদ্যালয়ত পঢ়িবলৈ বাধ্য কৰা হয়, য'ত তেওঁলোক আৰু তেওঁলোকৰ শিক্ষকসকলে ধৰা পৰিলে মৃত্যুদণ্ডৰ আশংকা থাকে।[9] পুৰুষৰ সৈতে নগ'লে মহিলাসকলক পুৰুষ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰিবলৈ অনুমতি দিয়া নহয়, যাৰ ফলত বহু সময়ত ৰোগৰ চিকিৎসা কৰা নহয়। তালিবানৰ আইন উলংঘন কৰাসকলক ৰাজহুৱা ভাৱে চাবুক মাৰা হয় আৰু মৃত্যুদণ্ডও বিহা হয়।[10][11] তালিবানে কিছুমান ক্ষেত্ৰত ১৬ বছৰ বয়সৰ তলৰ ছোৱালীৰ বাবে বিবাহৰ অনুমতি দিছিল বা দিয়ে। এমনেষ্টি ইণ্টাৰনেচনেলে জনাইছে যে ৮০% আফগান বিবাহ বলপূৰ্বক বিবাহ।[12]