আফগানিস্তান
From Wikipedia, the free encyclopedia
আফগানিস্তান (পশতু: د افغانستان اسلامي امارت দ্য আফ্গানিস্তান ইছ্লামি ইমাৰাত), ইয়াৰ চৰকাৰী নাম হৈছে আফগানিস্তান ইছলামি আমিৰাত। ই দক্ষিণ-পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ইৰাণ, পাকিস্তান, চীন, তাজিকিস্তান, উজবেকিস্তান আৰু তুৰ্কমেনিস্তানৰ মধ্যস্থলত এটা ভূ-বেষ্টিত মালভূমিৰ ওপৰত অৱস্থিত।
ক্ষিপ্ৰ তথ্য আফগানিস্তান ইছলামি আমিৰাত, ৰাষ্ট্ৰভাষা (সমূহ) ...
আফগানিস্তান ইছলামি আমিৰাত
|
||||||
---|---|---|---|---|---|---|
ৰাজধানী (আৰু বৃহত্তম নগৰ) | কাবুল 34°32′N 69°08′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | দাৰি (ফাৰ্ছী) পশতু[1] |
|||||
জাতীয়তাসূচক বিশেষণ | আফগান [alternatives] | |||||
চৰকাৰ | ইছলামী আমিৰাত | |||||
- | ৰাষ্ট্ৰপতি | |||||
- | উপ ৰাষ্ট্ৰপতি | |||||
- | উপ ৰাষ্ট্ৰপতি | |||||
- | মুখ্য ন্যায়াধীশ | |||||
প্ৰতিষ্ঠা | ||||||
- | প্ৰথম আফগান ৰাজ্য[2][3][4] | অক্টোবৰ ১৭১৭ | ||||
- | স্বাধীনতা (ইংলেণ্ডৰ পৰা) | ১৯ আগষ্ট, ১৯১৯ | ||||
মাটিকালি | ||||||
- | মুঠ | ৬,৪৭,৫০০ বৰ্গ কিমি (41st) ২,৫১,৭৭২ বৰ্গ মাইল |
||||
- | জলভাগ (%) | negligible | ||||
জনসংখ্যা | ||||||
- | 2011 আনুমানিক | ২,৯৮,৩৫,৩৯২'"`UNIQ--ref-০০০০০০০৪-QINU`"' (৪২nd) | ||||
- | ১৯৭৯ লোকপিয়ল | ১৫.৫ million'"`UNIQ--ref-০০০০০০০৫-QINU`"' | ||||
জিডিপি (পিপিপি) | 2011 আনুমানিক | |||||
- | মুঠ | $29.731 billion[5] | ||||
- | জনমুৰি | $956[5] | ||||
জিডিপি (নামমাত্ৰ) | 2011 আনুমানিক | |||||
- | মুঠ | $18.181 billion[5] | ||||
- | জনমুৰি | $585[5] | ||||
জিনি সহগ? (2008) | 29[6] (low) | |||||
মানৱ উন্নয়ন সূচক (2011) | 0.398[7] (low) (172nd) | |||||
মুদ্ৰা | আফগানি (AFN ) |
|||||
সময় অঞ্চল | D† (ইউটিচি+4:30) | |||||
গাড়ী চলোৱা হয় | সোঁফালে | |||||
ইণ্টাৰনেট টিএলডি | .af | |||||
কলিং ক'ড | ++93 |
বন্ধ কৰক
আফগানিস্তানৰ পূব আৰু দক্ষিণে পাকিস্তান[8], পশ্চিমে ইৰাণ, উত্তৰে তুৰ্কমেনিস্তান, উজবেকিস্তান আৰু তাজিকিস্তান, উত্তৰ-পূবত চীন অৱস্থিত। আফগানিস্তান শব্দটোৰ অৰ্থ "আফগান (তথা পশতুন) জাতিৰ দেশ।" আফগানিস্তানৰ অধিকাংশ অঞ্চল পৰ্বত আৰু মৰুভূমিৰে আবৃত। দেশখনৰ বৃহত্তম চহৰ আৰু ৰাজধানী হৈছে কাবুল।