দেৱেন্দ্ৰ ঝাঝাৰীয়া
From Wikipedia, the free encyclopedia
দেৱেন্দ্ৰ ঝাঝাৰীয়া (ইংৰাজী: Devendra Jhajharia; জন্ম: ১০ জুন ১৯৮১) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ' খেলুৱৈ। পেৰালিম্পিকত দুটাকৈ ব্যক্তিগত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ। ২০০৪ চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকৰ জেভলীন থ্ৰ'ত তেওঁ প্ৰথম স্বৰ্ণ পদক লাভ কৰি পেৰালিম্পিক ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয় ভাৰতীয়ত পৰিণত হৈছিল। ২০১৬ চনৰ ৰিঅ' পেৰালিম্পিকত একে খেলত তেওঁ নিজৰ ব্যক্তিগত ৰেকৰ্ড ভাঙি সোণৰ পদক লাভ কৰিলে।[1] ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুনৰ একে শিতানতে ৰূপৰ পদক লাভ কৰে।[2]
ক্ষিপ্ৰ তথ্য দেৱেন্দ্ৰ ঝাঝাৰীয়া, ব্যক্তিগত তথ্যাৱলী ...
দেৱেন্দ্ৰ ঝাঝাৰীয়া | ||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||||||||
জন্ম | ১০ জুন, ১৯৮১ (৪২ বছৰ) | |||||||||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | |||||||||||||||||||||||||||||||||
ক্ৰীড়া | এথলেটিকছ | |||||||||||||||||||||||||||||||||
শিতান | এফ৪৬ জেভলীন | |||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | আৰ.দি. সিং | |||||||||||||||||||||||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | ||||||||||||||||||||||||||||||||||
পেৰালিম্পিক ফাইনেল | ২০০৪, ২০১৬ আৰু ২০২০ | |||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক