প্ৰিয়ংকা চোপ্ৰা
ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা / From Wikipedia, the free encyclopedia
প্ৰিয়ংকা চোপ্ৰা (ইংৰাজী: Priyanka Chopra; জন্ম: ১৮ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় অভিনেত্ৰী।[1][2][3] অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে।[4] বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
প্ৰিয়ংকা চোপ্ৰা | |
---|---|
২০১৮ চনত প্ৰিয়ংকা চোপ্ৰা | |
জন্ম | ১৮ জুলাই, ১৯৮২ (৪১ বছৰ) জামছেদপুৰ, বিহাৰ, ভাৰত (বৰ্তমানৰ ঝাৰখণ্ড, ভাৰত) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০০–বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | নিক জোনাছ্ (বি. ২০১৮) |
আত্মীয়-স্বজন | পৰিনীতি চোপ্ৰা (সম্বন্ধীয় ভগ্নী) |
ৱেবছাইট | |
iampriyankachopra |
তামিল ছবি থামিজানেৰে (Thamizhan) ছবিজগতত পদাৰ্পন কৰি তেওঁ "দা হিৰো" (২০০৩)ৰ জৰিয়তে বলীউডত অভিষেক ঘটাই আৰু তাৰ পিছত হিন্দী চলচ্চিত্ৰ "অন্দাজ"ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ এতৰাজ, মুঝছে শাদী কৰোগী (২০০৪), ক্ৰিশ্ব (২০০৬), ডন (২০০৬) আদি চলচ্চিত্ৰত অভিনয় কৰি সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০৮ চনত তেওঁৰ কেৰিয়াৰে এক নতুন মোৰ লয় যেতিয়া তেওঁ ফেশ্বন ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ আৰু ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কমিনে (২০০৯), হোৱাট্ছ ইয়'ৰ ৰাছী (২০০৯) আৰু ৭ খুন মাফ (২০১১)ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে। এনেকৈয়ে তেওঁ বলীউডত এক শীৰ্ষমানৰ প্ৰতিভাৱান অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে।[5][6][7]
চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ দূৰদৰ্শন আৰু মঞ্চতো অভিনয় কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰত স্তম্ভ লিখনৰ উপৰিও তেওঁ দান-বৰঙনিমূলক কামতো জড়িত। তেওঁক ভাৰতৰ সবাতোকৈ জনপ্ৰিয় চেলিব্ৰেটীসমূহৰ ভিতৰত এগৰাকী হিচাপে আখ্যা দিয়া হয়। ২০১১ চনত তেওঁ য়ুনিভাৰছেল মিউজিক গ্ৰুপ আৰু "দেশী হিট্ছ"ৰ লগত তেওঁৰ প্ৰথম মিউজিক এলবামটো ৰেকৰ্ড আৰু বিশ্বজুৰি মুকলি কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে। ইয়াৰে প্ৰথম একক "ইন মাই চিটি" ১৩ ছেপ্টেম্বৰ, ২০১২ত মুকলি হয়।[8]