ভেংকটৰমণ ৰামাকৃষ্ণণ
From Wikipedia, the free encyclopedia
ভেংকটৰমণ "ভেংকি" ৰামাকৃষ্ণণ (ইংৰাজী: Venkatraman "Venki" Ramakrishnan; জন্ম: ১৯৫২)[3] ভাৰতীয় বংশোদ্ভূত এগৰাকী আমেৰিকান তথা ব্ৰিটিছ গাঠনিক জীৱবিজ্ঞানী। ২০১৫ বৰ্ষৰ নৱেম্বৰ মাহত ভেংকি ৰামাকৃষ্ণণ ৰয়েল ছ'ছাইটিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।[8] "ৰাইব'জ'মৰ গঠন আৰু কাৰ্যৰ অধ্যয়নৰ বাবে" ২০০৯ চনত থমাছ এ. ষ্টীটজ্ আৰু আডা য'নাটৰ সৈতে ভেংকি ৰামাকৃষ্ণণক যুটীয়াভাবে ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।[6][9][10][11][12]
ক্ষিপ্ৰ তথ্য ভেংকটৰমণ ৰামাকৃষ্ণণ Venkatraman Ramakrishnan, ৬২ সংখ্যক ৰয়েল ছ'ছাইটিৰ সভাপতি ...
ভেংকটৰমণ ৰামাকৃষ্ণণ Venkatraman Ramakrishnan | |
---|---|
৬২ সংখ্যক ৰয়েল ছ'ছাইটিৰ সভাপতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০১৫ | |
পূৰ্বসূৰী | পল নাৰ্ছ |
ব্যক্তিগত তথ্য | |
জন্ম | ভেংকটৰমণ ৰামাকৃষ্ণণ ১৯৫২ (বয়স ৭১–৭২) [1] চিদাম্বৰম, তামিলনাডু, ভাৰত |
নাগৰিকত্ব |
|
দাম্পত্যসঙ্গী | ভেৰা ৰজেনবেৰী (বি. ১৯৭৫)[1] |
সন্তান | এজন পুত্ৰ এজনী সতীয়া কন্যা[1] |
বাসস্থান | ব্ৰিটিছ যুক্তৰাষ্ট্ৰ |
ৱেবছাইট | www2 |
ক্ষেত্ৰ |
|
কৰ্মস্থান | |
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | ট’ম'য়াচু টানাকা[1][4] |
জনা যায় |
|
প্ৰভাৱ | |
উল্লেখনীয় বঁটা |
|
বন্ধ কৰক
১৯৯৯ চনৰ পৰা ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ কেমব্ৰিজ বায়’মে’ডিকেল কেম্পাছত অৱস্থিত মে'ডিকেল ৰিচাৰ্ছ কাউঞ্চিল (MRC) লেবৰেট'ৰি অৱ মলিকিউলাৰ বায়'ল'জি (LMB) ত গোটৰ লীডাৰ হিচাপে ভেংকি ৰামাকৃষ্ণণে কাম কৰি আহিছে।[13][14]