মনীষ নাৰৱাল
ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ / From Wikipedia, the free encyclopedia
মনীষ নাৰৱাল (ইংৰাজী: Manish Narwal; জন্ম ১৭ অক্টোবৰ ২০০১) এজন ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে।[1] ২০২০ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।[2]