মাৰীয়াপ্পান থানগাভেলু
From Wikipedia, the free encyclopedia
মাৰীয়াপ্পান থানগাভেলু (ইংৰাজী: Mariyappan Thangavelu; জন্ম: ২৮ জুন ১৯৯৫)[1] এজন ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ। তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি ২০১৬ চনত ব্ৰাজিলৰ ৰিঅ' দি জেনেৰিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত হাই জাম্প টি৪২ ইভেণ্টত স্বৰ্ণ পদক[2] আৰু ২০২০ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত হাই জাম্প টি৬৩ ইভেণ্টত ৰূপৰ পদক লাভ কৰিছিল।[3]
ক্ষিপ্ৰ তথ্য মাৰীয়াপ্পান থানগাভেলু, ব্যক্তিগত তথ্যাৱলী ...
মাৰীয়াপ্পান থানগাভেলু | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||
সম্পূৰ্ণ নাম | মাৰীয়াপ্পান থানগাভেলু | |||||||||||||||
জন্ম | ২৮ জুন, ১৯৯৫ (২৮ বছৰ) পেৰিয়াভাদাগামপট্টি, চালেম জিলা, তামিলনাডু, ভাৰত | |||||||||||||||
ক্ৰীড়া | ||||||||||||||||
দেশ | ভাৰত | |||||||||||||||
ক্ৰীড়া | এথলেটিকছ | |||||||||||||||
শিতান | হাই জাম্প - টি৪২ | |||||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | ||||||||||||||||
পেৰালিম্পিক ফাইনেল | ২০১৬ ৰিঅ': হাই জাম্প টি৪২; স্বৰ্ণ পদক ২০২০ টকিঅ': হাই জাম্প টি৬৩; ৰূপৰ পদক | |||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক
২০১৭ চনৰ ভাৰত চৰকাৰে তেওঁক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে[4] আৰু সেই একে বছৰতে তেওঁক অৰ্জুন বঁটাও প্ৰদান কৰা হয়।[5] ভাৰত চৰকাৰে তেওঁক ২০২০ চনত দেশৰ সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্নৰে পুৰস্কৃত কৰে।[6]