মোমো
তিব্বতী আৰু নেপালী খাদ্যৰ ডাম্পলিং / From Wikipedia, the free encyclopedia
মোমো বা মম' (ইংৰাজী: Momo) পূব আৰু দক্ষিণ এছিয়াত প্ৰচলিত ময়দা বা তেনেজাতীয় আটাৰ পৰা প্ৰস্তুত কৰা আৰু ভিতৰত মাংস, পাচলি বা পানীৰ আদি সুমুৱাই প্ৰস্তুত কৰা একপ্ৰকাৰৰ খাদ্য।[1] মোমো দক্ষিণ-পশ্চিম চীন অঞ্চল তিব্বতৰ লগতে ভূটান, নেপাল, লাডাখৰ উত্তৰ ভাৰতীয় অঞ্চল,[1] ছিক্কিম, অসম আৰু অৰুণাচল প্ৰদেশৰ লগত উত্তৰ-পূব ভাৰতীয় অঞ্চল, আৰু দাৰ্জিলিংৰ পূব অঞ্চলত প্ৰচলিত।[1] ই ভাৰতীয় উপমহাদেশ এক বিস্তৃত অঞ্চলত জনপ্ৰিয়। মোমো চীনা বাওজি, জিয়াওজি, আৰু মানটু, মংগোলিয়ান বুজ, জাপানী জিয়াজা, কোৰিয়ান মাণ্ডু আৰু তুৰ্কিক মান্তিৰ দৰে, কিন্তু দক্ষিণ এছিয়াৰ মচলা আৰু পাৰম্পৰিক ঔষধিৰ সৈতে ভাৰতীয় উপদেশৰ ৰন্ধনৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত। বৰ্তমান মোমো অত্যন্ত জনপ্ৰিয় আৰু ৰেষ্টুৰেণ্টৰ পৰা পথ বিক্ৰেতালৈ প্ৰতিটো প্ৰকাৰৰ দোকানত পোৱা যায়।[1]
ক্ষিপ্ৰ তথ্য অন্য নাম, প্ৰকাৰ ...
নেপালত তিলৰ হালধীয়া চছ আৰু ৰঙা আদা-জলকীয়া চছৰ সৈতে মোমোৰ প্লেট | |
অন্য নাম | মম, ম'ম' |
---|---|
প্ৰকাৰ | এপেটাইজাৰ বা এণ্ট্ৰি |
উৎপত্তিৰ স্থান | পূব আৰু দক্ষিণ এছিয়া |
অঞ্চল | তিব্বত, লাডাখ, উত্তৰ-পূৰ্বাঞ্চল,[1] আৰু দাৰ্জিলিং[1] |
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | নেপাল, ভাৰত,[1] ভূটান |
উদ্ভাৱক | তিব্বতীয় লোক বা হিমালয়ৰ নেপালী বেপাৰী |
মুখ্য উপাদান | ময়দা, পানী; ভিতৰত ভৰাবলৈ মাংস, পাচলি বা চীজ লগত বিলাহী, তিল বা সেউজীয়া চাটনি; চুপ বা চুৰুহা |
ভিন্ন প্ৰকাৰ | ভাপত দিয়া মোমো, ভজা মোমো, খোলা মোমো, পানীত সিজোৱা মোমো |
খাদ্য শক্তি (প্ৰতি পৰিবেশন) |
৩৫০ - ১০০০ (৩৫ - ১০০ প্ৰতি পিচ) কিলোকেলৰি |
বন্ধ কৰক