সুন্দৰ সিং গুৰ্জাৰ
ভাৰতীয় পেৰা-এথলীট / From Wikipedia, the free encyclopedia
সুন্দৰ সিং গুৰ্জাৰ (ইংৰাজী: Sundar Singh Gurjar) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ', শ্বট পুট আৰু ডিচকাছ থ্ৰ' এথলীট যি এফ৪৬ শাখাত প্ৰতিদ্বন্দ্বিতা কৰে।[1] ৰাজস্থান ৰাজ্যত কাৰাউলিৰ নিবাসী তেওঁ পুৰুষৰ জেভলীন এফ৪৬ প্ৰতিযোগিতাত টকিঅ' ২০২০ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।[2][3] পঞ্চকুলাত অনুষ্ঠিত ষোড়শ পেৰা এথলেটিকছ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তিনিটা ইভেণ্টত তিনিটা সোণৰ পদক অৰ্জন কৰি তেওঁ বিশ্ব অভিলেখ গঢ়িছিল। তেওঁ পেৰা-এথলেটিকছৰ বাবে ভাৰত চৰকাৰৰ পৰা অৰ্জুন বঁটাও লাভ কৰিছে।
ক্ষিপ্ৰ তথ্য সুন্দৰ সিং গুৰ্জাৰ, ব্যক্তিগত তথ্যাৱলী ...
সুন্দৰ সিং গুৰ্জাৰ | |||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||||||||||||||||||||||||||
জন্ম | ১ জানুৱাৰী, ১৯৯৬ (২৮ বছৰ) কাৰাউলি, ৰাজস্থান, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | পেৰা-এথলেটিকছ | ||||||||||||||||||||||||||||||||||||||||||
শিতান | জেভলীন, ডিচকাছ থ্ৰ', শ্বট পুট | ||||||||||||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | মহাবীৰ প্ৰসাদ ছাইনী | ||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক