অসম বিধানসভা নিৰ্বাচন, ১৯৬২ স্বাধীনোত্তৰ অসমৰ তৃতীয় বিধানসভা নিৰ্বাচন। এই নি্ৰ্বাচনৰ আগেআগে অসমকে ধৰি ভাৰতৰ সকলোবোৰ ৰাজ্যৰে লোকসভা আৰু বিধানসভাৰ আসনবোৰ পুনৰ্গঠন কৰা হৈছিল। ২য় বিধানসভা নিৰ্বাচনত অসমৰ বিধানসভাৰ আসন আছিল ৯৪খন আৰু ইয়াৰে ১৪খন আছিল দুজনীয়া আসন। বিধানসভাৰ মুঠ সদস্য সংখ্যা আছিল ১০৮জন। ১৯৬২ত দুজনীয়া আসনৰ ব্যৱস্থাটো নাইকীয়া কৰা হৈছিল। পুনৰ্গঠনৰ পিছত অসমৰ বিধানসভা আসন হৈছিলগৈ ১০৫খন আৰু এই আটাইকেইখনে আছিল এজনীয়া আসন। ‘’নগাপাহাৰ টুৱেনচাং অঞ্চল আইন ১৯৫৭’’ অনুসৰি তিনিখন জনজাতীয় আসন মোককচাং, নগাপাহাৰ মধ্য আৰু কহিমা হ্ৰাস পাইছিল। ১৯৬৩ৰ ১ ডিচেম্বৰৰ পৰা নগাপাহাৰ সুকীয়া ৰাজ্য ৰূপে পৰিগণিত হৈছিল। এই নিৰ্বাচনত ৫টা ৰাষ্ট্ৰীয় দল, ১টা ৰাজ্যিক দল আৰু ২টা পঞ্জীভূক্ত-অস্বীকৃতিপ্ৰাপ্ত দলে অংশগ্ৰহণ কৰিছিল।[1][2]
ক্ষিপ্ৰ তথ্য দল ...
অসম বিধানসভা নিৰ্বাচন, ১৯৬২
|
|
|
|
বন্ধ কৰক