১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন দশম লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছিল। পাঞ্জাৱ আৰু জম্মু আৰু কাশ্মীৰৰ বাদে বাকীবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৯৯১ৰ ২০ মে’, ১২ জুন আৰু ১৫ জুনত- এই তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ইয়াৰ উপৰিও বিহাৰৰ দুটা আৰু উত্তৰ প্ৰদেশৰ এখন লোকসভাৰ আসনতো নিৰ্বাচন হোৱা নাছিল। পাঞ্জাবৰ ১৩খন আসনৰ বাবে নিৰ্বাচন আয়োগে পলমকৈ ১৯৯২ চনৰ ১৯ ফেব্ৰুৱাৰীতহে নিৰ্বাচন পতাৰ সিদ্ধান্ত লয়।
কোনো এটা ৰাজনৈতিক দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাত ভাৰতীয় জাতীয় কংগ্ৰেছে অন্যন্য দলৰ সহযোগত পি ভি নৰসিংহ ৰাও প্ৰধানমন্ত্ৰিত্বত এখন সংখ্যালঘূ চৰকাৰ গঠন কৰে।
প্ৰথম তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ আছিল ৫৬.৭৩% আৰু ই আছিল তেতিয়ালৈকে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ সৰ্বনিম্ন হাৰ।[2]
ক্ষিপ্ৰ তথ্য ভোটদানৰ হাৰ, দল ...
১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
|
|
|
ভোটদানৰ হাৰ |
৫৫.৮৮% (৬.০৭%) |
|
|
|
|
দল |
কংগ্ৰেছ |
বিজেপি |
জনতা দল |
মিত্ৰদল |
কংগ্ৰেছ+ |
বিজেপি+ |
নেচনেল ফ্ৰণ্ট |
শতাংশ |
৩৫.৬৬% | ২০.০৪% | ১১.৭৭% |
|
|
|
বন্ধ কৰক