ৰাফেল নাডাল
From Wikipedia, the free encyclopedia
ৰাফেল "ৰাফা" নাডাল পাৰেৰা (স্পেনিছ: [rafaˈel naˈðal paˈɾeɾa]; [5] জন্ম: ৩ জুন ১৯৮৬) হৈছে এগৰাকী স্পেনিছ বৃত্তিগত টেনিছ খেলুৱৈ। এচ'ছিয়েচন এফ টেনিছ প্ৰফেশ্ব্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি বিশ্বত তেওঁৰ স্থান তৃতীয়। তেওঁ ২০৯ সপ্তাহৰ বাবে প্ৰথম স্থানত অধিষ্ঠিত আছিল আৰু পাঁচবাৰকৈ বৰ্ষান্তৰ শীৰ্ষস্থান লাভ কৰিছিল। নাডালে ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰ'জাৰ ফেডেৰাৰ আৰু নোভাক জʼকোভিচৰ সৈতে যুটীয়াভাৱে অভিলেখ স্থাপন কৰিছে। ইয়াৰোপৰি তেওঁ ৩৬টা মাষ্টাৰ্ছ ১০০০ একক শাখাৰ খিতাপ অৰ্জনেৰে নোভাক জʼকোভিচৰ সৈতে শীৰ্ষস্থানত আছে।
সম্পূৰ্ণ নাম | Rafael Nadal Parera |
---|---|
দেশ | স্পেইন |
বাসস্থান | মেনাকৰ, মেলৰ্কা, স্পেইন |
জন্ম | ০৩ জুন, ১৯৮৬ (৩৭ বছৰ) মেনাকৰ, মেলৰ্কা, স্পেইন |
উচ্চতা | ১.৮৫ মিটাৰ (U=ft}})[1][2] |
পেচা গ্ৰহণ | ২০০১ |
হস্তশৈলী | বাঁওহতীয়া (উভয়হতীয়া বেকহেণ্ড) |
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি | ১২৪,৪৮০,০৩২ ইউ এছ ডলাৰ
|
আনুষ্ঠানিক ৱেব ছাইট | rafaelnadal.com |
কেৰিয়াৰৰ অভিলেখ | ১০২২–২০৭ |
কেৰিয়াৰৰ খিতাপ | ৮৮ (মুক্ত কালৰ চতুৰ্থ সৰ্বাধিক) |
সৰ্ব্বোচ্চ ৰেংকিং | ১ম (১৮ আগষ্ট ২০০৮) |
বৰ্তমানৰ ৰেংকিং | ৮ম (২৭ ফেব্ৰুৱাৰী ২০২৩)[3] |
অষ্ট্ৰেলিয়ান অ'পেন | বিজয়ী (২০০৯, ২০২২) |
ফ্ৰেন্স অ'পেন | বিজয়ী (২০০৫, ২০০৬, ২০০৭, ২০০৮, ২০১০, ২০১১, ২০১২, ২০১৩, ২০১৪, ২০১৭, ২০১৮, ২০১৯, ২০২০) |
উইম্বলডন | বিজয়ী (২০০৮, ২০১০) |
ইউ এছ অ’পেন | বিজয়ী (২০১০, ২০১৩, ২০১৭, ২০১৯) |
আন প্ৰতিযোগিতা | |
এ টি পি ৱৰ্ল্ড টুৰ ফাইনেলচ্ | ফাইনেল (২০১০, ২০১৩) |
অলিম্পিক | বিজয়ী (২০০৮) |
কেৰিয়াৰৰ অভিলেখ | ১৩৭–৭৪ |
কেৰিয়াৰৰ খিতাপ | ১১ |
সৰ্ব্বোচ্চ ৰেংকিং | ২৬ (৮ আগষ্ট ২০০৫) |
বৰ্তমান ৰেংকিং | ৫০৬ (২০২১-৫-২৪ )[4] |
অষ্ট্ৰেলিয়ান অ'পেন | তৃতীয় ৰাউণ্ড (২০০৪, ২০০৫) |
উইম্বলডন | দ্বিতীয় ৰাউণ্ড (২০০৫) |
ইউ এছ অ’পেন | ছেমি ফাইনেল (২০১৪) |
আন দ্বৈত প্ৰতিযোগিতা | |
অলিম্পিক | বিজয়ী (২০১৬) |
24 May 2021ত শেষবাৰ আপডেট কৰা হৈছে। |
নাডালে ১৩টা ফ্ৰেন্স অপেনৰ খিতাপ জয় কৰি অভিলেখ গঢ়িছে। তেওঁ লাভ কৰা ৮৮টা খিতাপৰ ৬২টাই ধূলিয়ৰী পৃষ্ঠ বা ক্লে' কোৰ্টৰ। ইয়াৰে ভিতৰত ৩৬টা এটিপি মাষ্টাৰ্ছ ১০০০ শাখাৰ খিতাপ আৰু তাৰে ২৬টাই ক্লে' কোৰ্ট বা মাটি পৃষ্ঠৰ। এই পৃষ্ঠত তেওঁ একেলেথাৰিয়ে ৮১খন মেটচত জয়লাভ কৰি অভিলেখ গঢ়িছে।
শৈশৱ কালৰেপৰা বৃত্তিগত কেৰিয়াৰৰ অধিকাংশ কাল ৰাফেল নাডালে খুড়াক টনি নাডালৰপৰা প্ৰশিক্ষণ লাভ কৰিছিল। ১৯ বছৰ বয়সতে ফ্ৰেন্স অপেন আৰু এটিপি মাষ্টাৰ্ছ শাখায় ১৬টা খিতাপ জয়ৰ লগতে বিশ্ব ৰেংকিংৰ দ্বিতীয় স্থান দখলেৰে এটিপিৰ ইতিহাসত তেওঁ সবাতোকৈ সফল কিশোৰ খেলুৱৈৰ ভিতৰত অন্যতম। ২০০৮ চনত ৰ'জাৰ ফেডেৰাৰক ক্লে' কোৰ্টত পৰাজিত কৰি নাডালে প্ৰথমবাৰৰ বাবে বিশ্ব ৰেংকিংৰ শীৰ্ষস্থান দখল কৰিছিল। একে বছৰতে তেওঁ গ্ৰীষ্মকালীন অলিম্পিকৰ স্বৰ্ণপদকো জয় কৰে। ২০১০ চনৰ ইউ এছ অপেন খিতাপ জয়ৰ যোগেদি তেওঁ কেৰিয়াৰ গ্ৰেণ্ড শ্লাম সম্পূৰ্ণ কৰে। অলিম্পিকৰ স্বৰ্ণ জয় কৰাৰ পিছতেই তেওঁ কেৰিয়াৰ গ'ল্ডেন শ্লাম সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী পুৰুষ খেলুৱৈৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব অৰ্জন কৰে। পৰৱৰ্তী দশকত নাডালৰ প্ৰধান প্ৰতিদ্বন্দ্বীৰ ৰূপত জ'কোভিচৰ উত্থান ঘটে। ১৯বাৰ মুখ্য শাখাসমূহৰ ফাইনেলকে ধৰি দুয়ো ৫৭বাৰ মুখামুখি হৈছে যি মুক্ত কাল বা অপেন এৰাৰ পুৰুষৰ প্ৰতিদ্বন্দ্বিতাসমূহৰ ভিতৰত সৰ্বাধিক।
নাডালে চাৰিবাৰকৈ এটিপি ৱৰ্ল্ড ট্যুৰৰ ষ্টিফেন এডবাৰ্গ স্পৰ্টছমেনশ্বিপ বঁটা জয় কৰাৰ লগতে ২০১১ আৰু ২০২১ চনত ল'ৰিয়াছ ৱৰ্ল্ড স্পৰ্টছমেনশ্বিপ অফ দ্য ইয়েৰ বঁটা লাভ কৰিছে। স্পেইনক প্ৰতিনিধিত্ব কৰি তেওঁ একক আৰু দ্বৈত উভয় শাখাতে স্বৰ্ণপদক জয়ৰ লগতে দেশৰ ডেভিচ কাপ দলৰ নেতৃত্ব দি পাঁচবাৰকৈ জয়ৰ সোৱাদ দিছে। নিজৰ গৃহচহৰ মেল'ৰ্কাত নাডালে এখন টেনিছ একাডেমীও প্ৰতিষ্ঠা কৰিছে।